২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচকসকলে। দক্ষিণ আফ্ৰিকা, জিম্বাব’ৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে বৰ্তমানৰ দলটোৰ বিকল্প খেলুৱৈ সাজু কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই প্ৰক্ৰিয়াত বাঁওহতীয়া বেটাৰ তিলক বৰ্মাৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে।
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, শ্ৰেয়াছ আয়াৰৰ সম্ভাৱ্য বিকল্প হিচাপে তিলক বৰ্মাক প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিছে BCCIৰ নিৰ্বাচকসকলে। ভাৰতীয় দলৰ সম্ভাৱ্য প্ৰথম ছয়গৰাকী বেটাৰেই সোঁহতীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত তিলকৰ বাঁওহতীয়া বেটিঙে দলটোক এক নতুন ভাৰসাম্য প্ৰদান কৰিব পাৰে। কেৱল বেটিঙেই নহয়, তিলক বৰ্মাক অফ-স্পিন বলিঙতো অধিক কাম কৰিবলৈ নিৰ্বাচকসকলে পৰামৰ্শ দিছে। দলটোৱে তেওঁৰ মাজত পাৰ্ট-টাইম বলাৰৰ সম্ভাৱনা দেখিছে। বিশেষকৈ শীৰ্ষ ক্ৰমৰ বেটাৰসকলৰ মাজত পৰ্যাপ্ত বলিং বিকল্প নথকাৰ বিষয়টোৱে দলীয় মেনেজমেণ্টক চিন্তিত কৰি তুলিছে।
BCCIৰ এক সূত্ৰক উদ্ধৃত কৰি প্ৰতিবেদনটোত কোৱা হৈছে যে, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক শুভমন গিলে অনুভৱ কৰিছে যে মিডল অৰ্ডাৰৰ বাবে এতিয়াও উপযুক্ত বিকল্প সাজু হোৱা নাই। হাৰ্দিক পাণ্ডিয়া আৰু নীতিশ কুমাৰ ৰেড্ডীৰ আঘাত প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়া ক্ৰিকেটত কমেও চাৰিটা অভাৰ বল কৰিব পৰা এগৰাকী শীৰ্ষ ক্ৰমৰ খেলুৱৈৰ প্ৰয়োজন বুলি দলীয় মেনেজমেণ্টে বিবেচনা কৰিছে।
অৱশ্যে ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে বহু গুৰুত্বপূৰ্ণ খেলুৱৈ ব্যস্ত হৈ থকাৰ সম্ভাৱনা আছে। এছিয়ান গেমছৰ সময়তে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা বগা বলৰ শৃংখলাও অনুষ্ঠিত হোৱাৰ কথা। শ্ৰেয়াছ আয়াৰ, ঈশান কিষাণ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰৰ দৰে খেলুৱৈ এছিয়ান গেমছৰ টি-২০ প্ৰতিযোগিতাত অংশ লোৱাৰ সম্ভাৱনা আছে। সেয়ে বিশ্বকাপৰ প্ৰকৃত প্ৰস্তুতি অক্টোবৰ মাহৰ শেষৰ ফালে নিউজিলেণ্ড ভ্ৰমণৰ পৰাই আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
ইফালে ২০২৭ বিশ্বকাপৰ সময়ত ভাৰতীয় দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ খেলুৱৈৰ বয়স আৰু ফিটনেছকলৈও নিৰ্বাচকসকলে চিন্তা কৰিছে। বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ভাৰতীয় দলত থাকিব পাৰে। আনহাতে, উইকেটকীপাৰ-বেটাৰ কে এল ৰাহুলৰ বয়স ৩৫ বছৰৰো অধিক হটব। হাৰ্দিক পাণ্ডিয়া আৰু নীতিশ কুমাৰ ৰেড্ডীৰ আঘাতৰ সমস্যাও দলটোৰ বাবে চিন্তাৰ কাৰণ।
সূত্ৰটোৰ মতে, দক্ষিণ আফ্ৰিকাৰ পৰিস্থিতিৰ বাবে দলটোক সাজু কৰাটো অতি গুৰুত্বপূৰ্ণ। অষ্ট্ৰেলিয়াত আঘাতপ্ৰাপ্ত হোৱা শ্ৰেয়াছ আয়াৰৰ শেহতীয়া সময়ত গতি আৰু বাউন্সৰ বিৰুদ্ধে প্ৰদৰ্শনো এতিয়াও পৰীক্ষিত হোৱা নাই। আনহাতে, ৰোহিত আৰু কোহলিৰ ক্ষেত্ৰতো বয়স আৰু সৰু-সুৰা আঘাতৰ সমস্যা আছে। ৰবীন্দ্ৰ জাডেজাৰ স্থানো এতিয়াও নিশ্চিত নহয়। ফিটনেছৰ সমস্যাৰ প্ৰভাৱ দলটোৰ ফিল্ডিঙতো পৰিছে বুলি মেনেজমেণ্টে অনুভৱ কৰিছে।
ইতিমধ্যে বিকল্প খেলুৱৈ পৰীক্ষা কৰাৰ সময়ত ৰুতুৰাজ গাইকোৱাডক চাৰি নম্বৰত বেটিং কৰোৱাৰ দৰে পৰীক্ষাও কৰা হৈছিল। কিন্তু এতিয়া বেটিং ক্ৰম সঘনাই সলনি কৰাৰ পক্ষপাতী নহয় নিৰ্বাচকসকল। সূত্ৰটোৰ মতে, শুভমন গিল আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত গাইকোৱাডক বিকল্প অপেনাৰ হিচাপে দলত লোৱা হৈছিল। কিন্তু তিলক বৰ্মাকো সেই স্থানত পৰীক্ষা কৰিব পৰা গ’লহেঁতেন বুলি দলীয় মেনেজমেণ্টে অনুভৱ কৰিছে।
