নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰশাসনে। হাস্পতালৰ মৰ্গ আৰু অস্থায়ী মৃতদেহ সংৰক্ষণ কেন্দ্ৰসমূহত ঠাইৰ অভাৱ, লগতে মৃতদেহসমূহ পচিবলৈ ধৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে, মৃতদেহ পুতি পেলোৱাৰ পূৰ্বে পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চিনাক্ত কৰিব পৰাকৈ সকলো প্ৰয়োজনীয় তথ্য আৰু নমুনা সংৰক্ষণ কৰা হৈছে।
কিয় পুতি পেলোৱা হৈছে মৃতদেহ?
ভয়াৱহ বানত উদ্ধাৰ হোৱা শতাধিক মৃতদেহৰ ভিতৰত শনিবাৰে সন্ধিয়ালৈ মাত্ৰ ২০টা মৃতদেহহে আত্মীয়ই চিনাক্ত কৰিব পাৰিছিল। বিশেষকৈ চিতৱানত ২০০ৰো অধিক মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে মাত্ৰ ৪টা মৃতদেহ চিনাক্ত হৈছিল।
মৃতদেহ সমূহ দীৰ্ঘদিন ধৰি মৰ্গ আৰু অস্থায়ী কেন্দ্ৰত ৰখাৰ ফলত পচন আৰম্ভ হৈছে আৰু দুৰ্গন্ধ বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে এনে পৰিস্থিতিত সংক্ৰমণ বিয়পি পৰাৰ আশংকা প্ৰকাশ কৰিছে। একে সময়তে হাস্পতালসমূহৰ মৃতদেহ সংৰক্ষণৰ ক্ষমতাও অতিক্ৰম কৰিছে।
সেয়ে চিতৱান জিলা নিৰাপত্তা সমিতিয়ে ভৰতপুৰ মহানগৰীৰ দেৱঘাটৰ এটা মুকলি স্থানত চিনাক্ত নোহোৱা আৰু দাবী নকৰা মৃতদেহসমূহ সমাধিস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ব্যৱস্থা নেপালৰ Unidentified and Unclaimed Bodies Management (First Amendment) Directive, 2026 অনুসৰি কৰা হৈছে।

কিমান লোকৰ মৃত্যু হৈছে?
বুধবাৰে নেপাল-তিব্বত সীমান্তৰ ওচৰত হিমবাহ খহি পৰাৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড বানত ভোতে কোশী আৰু ত্ৰিশূলী নদী ব্যৱস্থাত পানী, বোকা, শিল আৰু ধ্বংসাৱশেষৰ প্ৰবল সোঁত নামি আহে।
এই বানত ঘৰ, পথ, দলং আৰু বিভিন্ন আন্তঃগাঁথনি ধ্বংস হয়। দেওবাৰলৈ মৃত্যুৰ সংখ্যা ৭৩৪জনলৈ বৃদ্ধি পাইছে, আনহাতে প্ৰায় ২,৫০০ লোক এতিয়াও সন্ধানহীন।
জিলাভিত্তিকভাৱে চিতৱানত সৰ্বাধিক ২৫৯টা, নৱালপৰাচী পূবত ১৮৪টা, নৱালপৰাচী পশ্চিমত ৮২টা, গোৰ্খাত ৫৮টা, নুৱাকোটত ৫২টা, ধাদিঙত ৫০টা, তনাহুনত ৩৬টা আৰু ৰাছুৱাত ১৩টা মৃতদেহ উদ্ধাৰ হৈছে। বানৰ সোঁতে মৃতদেহ ভাৰতৰ বিহাৰ আৰু উত্তৰ প্ৰদেশলৈও উটুৱাই লৈ গৈছে।

কেনেকৈ হ’ব মৃতদেহসমূহৰ চিনাক্তকৰণ?
মৃতদেহ পুতি পেলোৱাৰ পূৰ্বে ফৰেনছিক বিশেষজ্ঞসকলে প্ৰতিটো মৃতদেহৰ পৰা DNA নমুনা সংগ্ৰহ কৰিব। প্ৰতিটো মৃতদেহক এটা স্থায়ী পৰিচয়/ৰেফাৰেন্স নম্বৰ দিয়া হ’ব।
এই নম্বৰৰ সৈতে সংৰক্ষণ কৰা হ’ব— মৃতদেহৰ ফটোগ্ৰাফ,শাৰীৰিক বিৱৰণ,পিন্ধি থকা কাপোৰ,গহনা আৰু অন্যান্য ব্যক্তিগত সামগ্ৰী,পৰিচয় পত্ৰ,মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা অন্যান্য সামগ্ৰী,DNA নমুনা
এই তথ্যসমূহ সংৰক্ষণ কৰি ৰখাৰ ফলত পৰৱৰ্তী সময়ত কোনো পৰিয়ালে সন্ধানহীন আত্মীয়ৰ দাবী কৰিলে DNA পৰীক্ষা আৰু সংৰক্ষিত তথ্যৰ সহায়ত মৃতদেহ চিনাক্ত কৰাৰ সুযোগ থাকিব।
প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে স্পষ্ট কৰিছে যে যিসকল মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই, কেৱল সেই মৃতদেহসমূহহে চৰকাৰে পৰিচালনা কৰিব। পৰিয়ালৰ লোকে চিনাক্ত কৰা মৃতদেহ আত্মীয়ক গতাই দিয়া হ’ব।
