এজন নিহত, আহত ৫ জন; অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান।
ছুইজাৰলেণ্ডৰ উত্তৰাঞ্চলত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে কমেও ৫জন আহত হৈছে। আহতসকলৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিছে
ৰেভ পাৰ্টীত সংঘটিত গুলীচালনা
আৰক্ষীৰ তথ্য অনুসৰি, আৰগাউ কেণ্টনত সংঘটিত হৈছে এই ঘটনা। স্থানীয় সংবাদমাধ্যম প্ৰতিবেদন অনুসৰি, এটা হিপ’ড্ৰমত অনুষ্ঠিত ৰেভ পাৰ্টীৰ সময়ত গুলীচালনাৰ ঘটনা সংঘটিত হয়।
এই বাৰ্ষিক টেকনো পাৰ্টীত প্ৰায় ৩,৫০০ লোক উপস্থিত আছিল। শনিবাৰে বিয়লি ৩ বজাৰ পৰা দেওবাৰে পুৱা ২ বজালৈ এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।
অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান
ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্তক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছে। আৰগাউ কেণ্টন আৰক্ষীয়ে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ঘটনাটোৰ সৈতে জড়িত কোনো ভিডিঅ’, ছবি বা তথ্য থাকিলে আৰক্ষীক প্ৰদান কৰিবলৈ অনুৰোধ কৰিছে।
গুলীচালনাৰ সঠিক কাৰণ আৰু আক্ৰমণকাৰীৰ পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ সৈতে জড়িত সকলো দিশ আৰক্ষীয়ে তদন্ত কৰি আছে।
