হায়দৰাবাদত ভূমি বিক্ৰীৰ নতুন অভিলেখ: ৫.৩৮ একৰ প্লট বিক্ৰী ১,৪৪৭ কোটি টকাত

হায়দৰাবাদৰ ৰিয়েল ইষ্টেট খণ্ডত সৃষ্টি হৈছে নতুন অভিলেখ। তেলেংগানা ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ কৰ্প’ৰেচন (TGIIC)-ৰ শেহতীয়া নিলামত ৰেইডুৰ্গৰ ৫.৩৮ একৰ ভূমি ১,৪৪৭.২২ কোটি টকাত বিক্ৰী হয়। অৰ্থাৎ প্ৰতি একৰ ভূমিৰ মূল্য হৈছে প্ৰায় ২৬৯ কোটি টকা।

শুকুৰবাৰে অনুষ্ঠিত এই নিলামত Vamsiram Builders-এ সফল নিবিদা লাভ কৰে। এই মূল্য ৰেইডুৰ্গত এতিয়ালৈকে ভূমি নিলামত লাভ কৰা সৰ্বাধিক আৰু হায়দৰাবাদৰ বাবেও এক নতুন বেঞ্চমাৰ্ক হিচাপে বিবেচিত হৈছে। শেহতীয়া নিবিদাখন সংৰক্ষিত মূল্যতকৈ ৫২.৩ শতাংশ অধিক আছিল।

ইয়াৰ পূৰ্বে এসপ্তাহ আগতে ৰেইডুৰ্গৰ Plot P1 ১,৩৮৬ কোটি টকাত বিক্ৰী হৈছিল। দুয়োটা নিলামত মুঠ ১০.৬৩ একৰ ভূমিৰ পৰা TGIIC-এ ২,৮৩৩.২২ কোটি টকা সংগ্ৰহ কৰে। প্ৰতি একৰত গড় মূল্য হয় প্ৰায় ২৬৬.৫৩ কোটি টকা।

TGIICৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক কে. শশাংকৰ মতে, এই অভূতপূৰ্ব মূল্যই ৰেইডুৰ্গ কৰিড’ৰৰ প্ৰতি বিনিয়োগকাৰীৰ আস্থা আৰু হায়দৰাবাদৰ ব্যৱসায়িক সম্ভাৱনাক প্ৰতিফলিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...