নেপাল-তিব্বত ভয়ংকৰ বান: ২৩খন দেশৰ ২৬১ বিদেশী নাগৰিক সন্ধানহীন, ৪৯ জন ভাৰতীয়

২৬ আগষ্টত তিব্বতৰ গিৰং বন্দৰত সংঘটিত ভয়ংকৰ আকস্মিক বানত ২৩খন দেশৰ মুঠ ২৬১ জন বিদেশী নাগৰিক সন্ধানহীন হৈ আছে বুলি চীনৰ বিষয়াসকলে প্ৰকাশ কৰিছে।

চীনৰ চৰকাৰী সংবাদ সংস্থা শিনহুৱাৰ তথ্য অনুসৰি, সন্ধানহীনসকলৰ ভিতৰত সৰ্বাধিক ১০৪ জন নেপালৰ, তাৰ পাছতে ভাৰতৰ ৪৯ জন, লাটভিয়াৰ ৩৩ জন, আমেৰিকাৰ ১৮ জন আৰু ব্ৰিটেইনৰ ১৫ জন নাগৰিক আছে।

বানৰ সময়ত কেইবাজনো ভাৰতীয় তীৰ্থযাত্ৰী কৈলাশ মানস সৰোবৰ যাত্ৰাত তিব্বতত উপস্থিত আছিল। জানিব পৰা মতে, তেওঁলোকৰ একাংশ ভাৰত-তিব্বত সীমান্তৰ ইমিগ্ৰেচন ভৱনৰ ভিতৰত আছিল। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত ভৱনটোৰ চাৰিওফালে বানৰ পানী দেখা গৈছে।

বিভিন্ন চৰকাৰী বিভাগে সন্ধান আৰু পৰিচয় নিশ্চিতকৰণৰ অভিযান চলাই আছে। সন্ধানহীন লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...