জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন

এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন অসমীয়া চলচ্চিত্ৰ ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’-ৰ অফিচিয়েল প’ষ্টাৰ (Motion Poster) মঙলবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ জ্যোতি চিত্ৰবনত। প’ষ্টাৰ মুকলিৰ লগে লগে ছবিখনে ইয়াৰ আকৰ্ষণীয় নাম আৰু অভিনৱ বিষয়বস্তুৰ বাবে ইতিমধ্যে সাংস্কৃতিক মহলত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ‘এন কে মিডিয়া’ (NK Media)ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা নিপন কুমাৰ তালুকদাৰৰ আৰু কাৰ্যবাহী প্ৰযোজনা দীপক বৰাৰ। নৱাগত চলচ্চিত্ৰ নানান পাচনিৰ পৰিচালনাৰে নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে বেদব্ৰত বৰাই। ছবিখনৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে উদয় ভাস্কৰ পাটৰ। ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, পংকজ মহন্ত, বৈভৱী গোস্বামী, জয়ন্ত ভাগৱতী, জলী লস্কৰ, অসীম কৃষ্ণ বৰুৱা আৰু মনোজ শইকীয়া আদি অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ, কলা নিৰ্দেশনা শিৱম শইকীয়াৰ, আবহ সংগীত অৰূপজ্যোতি বৰুৱাৰ। উল্লেখ্য যে, ছবিখনৰ সংগীতৰ সৈতে জড়িত আছিল অসমবাসীৰ হিয়াৰ আমঠু, সংগীত শিল্পী জুবিন গাৰ্গ। সম্প্ৰতি পূৰ্ণগতিত প্ৰচাৰ অভিযান চলি থকা NRC (নলপাৰাৰ ৰাম চন্দ্ৰ) ছবিখন অহা ২৫ ছেপ্তেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ...

ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক...

৪ ঘণ্টাত ৩,৪০০টা চুম্বন, পৰিণতি ৫,৫০০ টকাৰ চালান

মধ্যপ্রদেশত সংঘটিত হ'ল আজৱ ঘটনা। মধ্যপ্রদেশৰ গোৱালিয়ৰত ছ’চিয়েল মিডিয়াৰ...

আমেৰিকাৰ আকাশত উৰা বিমান এতিয়া চীনৰ হাইপাৰছনিক মিছাইলৰ টাৰ্গেট!

ৰঙা চীনৰ সামৰিক শক্তিয়ে লাভ কৰিলে আৰু এখোপ উচ্চতা...