কাজিৰঙাৰ কঁহৰা ডাকঘৰত প্ৰথমবাৰৰ বাবে ‘ডাক চৌপাল’ সেৱাৰ শুভাৰম্ভ; মোবাইল ভেনৰ জৰিয়তে গাঁৱে-গাঁৱে ডাক বিভাগৰ আঁচনি আৰু সেৱাৰ প্ৰচাৰ চলাব ভাৰতীয় ডাক বিভাগে

কাজিৰঙাৰ কঁহৰা ডাকঘৰত ভাৰতীয় ডাক বিভাগৰ ‘ডাক চৌপাল’ সেৱাৰ শুভাৰম্ভ কৰা হয়। এই সেৱাৰ জৰিয়তে গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত ভাৰতীয় ডাক বিভাগৰ বিভিন্ন আঁচনি আৰু সেৱাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই সেৱাৰ অংশ হিচাপে মোবাইল ভেনৰ জৰিয়তে গাঁৱৰ চুকে-কোণে প্ৰচাৰ চলাই ৰাইজক ডাক বিভাগৰ বিভিন্ন সেৱা আৰু আঁচনিৰ বিষয়ে অৱগত কৰা হ’ব।

কাজিৰঙাত এই সেৱাৰ ফ্লেগ অফ কৰে ভাৰতীয় ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰী শচীন কিশোৰে। উল্লেখযোগ্য যে অসমৰ ভিতৰত শিৱসাগৰ চক্ৰৰ অধীনস্থ কাজিৰঙাত প্ৰথমবাৰৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে।

এই কাৰ্যসূচীৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৰাইজে ডাকঘৰৰ বিভিন্ন সেৱা আৰু আঁচনিৰ বিষয়ে অধিক জানিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্য মহাপ্ৰবন্ধক শ্ৰী শচীন কিশোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

টাইগাৰ শ্ৰফ নহয়, আক্ৰমণকাৰীৰ লক্ষ্য আছিল আমিৰ খান; কিয় সলনি কৰিলে লক্ষ্য? তদন্তত চাঞ্চল্যকৰ তথ্য

বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি গুলীচালনা কৰা...

দিল্লীৰ নৰ্থ ব্লকত ক’লা ধোঁৱা; ৰাষ্ট্ৰপতি ভৱন আৰু পুৰণি সংসদ ভৱনৰ সমীপত আতংক

দিল্লীৰ নৰ্থ ব্লকত সোমবাৰে পুৱা ক’লা ধোঁৱা ওলোৱাক কেন্দ্ৰ...