দিল্লীৰ নৰ্থ ব্লকত ক’লা ধোঁৱা; ৰাষ্ট্ৰপতি ভৱন আৰু পুৰণি সংসদ ভৱনৰ সমীপত আতংক

দিল্লীৰ নৰ্থ ব্লকত সোমবাৰে পুৱা ক’লা ধোঁৱা ওলোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। ধোঁৱা ওলোৱাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ ছখন গাড়ী।

উল্লেখযোগ্য যে, নৰ্থ ব্লকতে দেশৰ বিত্ত মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয় অৱস্থিত। এই ভৱনটোৰ পিছফালৰ পৰা কুণ্ডলী পকাই ক’লা ধোঁৱা ওলাই অহা দেখা গৈছে বুলি ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্ট প্ৰকাশ পাইছে।

কিন্তু কি কাৰণত এই ধোঁৱাৰ সৃষ্টি হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে কি তথ্য প্ৰকাশ কৰে, তাৰ প্ৰতি নজৰ ৰাখিছে সকলোৱে।

সোমবাৰে পুৱা সাংসদ মিলিন্দ দেওৰাই নিজৰ এক্স (X) হেণ্ডেলত এখন ছবি পোষ্ট কৰাৰ পিছতে বিষয়টো বিয়পি পৰে। পুৰণি সংসদ ভৱনৰ অতি ওচৰত আৰু নতুন সংসদ ভৱনৰ পৰা অলপ দূৰত অৱস্থিত নৰ্থ ব্লকত এইদৰে ক’লা ধোঁৱা দেখা পোৱাত উদ্বেগৰ সৃষ্টি হয়।

উল্লেখ্য যে, নৰ্থ ব্লকৰ পিছফালেই অৱস্থিত ৰাষ্ট্ৰপতি ভৱন। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অৱশ্যে, ধোঁৱাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষমুক্ত ঘোষণা আদালতৰ; অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰত সকাহ পালে ৰাহুল গান্ধীয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ গোচৰত অভিযুক্ত বুলি উল্লেখ...

টাইগাৰ শ্ৰফ নহয়, আক্ৰমণকাৰীৰ লক্ষ্য আছিল আমিৰ খান; কিয় সলনি কৰিলে লক্ষ্য? তদন্তত চাঞ্চল্যকৰ তথ্য

বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি গুলীচালনা কৰা...