টাইগাৰ শ্ৰফ নহয়, আক্ৰমণকাৰীৰ লক্ষ্য আছিল আমিৰ খান; কিয় সলনি কৰিলে লক্ষ্য? তদন্তত চাঞ্চল্যকৰ তথ্য

বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ তদন্তত পোহৰলৈ আহিছে নতুন তথ্য। মুম্বাই আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, টাইগাৰ শ্ৰফক লক্ষ্য কৰাৰ পূৰ্বে অভিনেতা আমিৰ খানৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল অভিযুক্ত শ্বুটাৰসকলে। আনকি আমিৰ খানৰ ঘৰৰ আশে-পাশে কেইবাবাৰো গৈ পৰিস্থিতিৰ বুজ লৈছিল তেওঁলোকে। কিন্তু অভিনেতাগৰাকীৰ কাষ চাপিবলৈ অসুবিধা হ’ব বুলি অনুভৱ কৰাত শেষ মুহূৰ্তত লক্ষ্য সলনি কৰি টাইগাৰ শ্ৰফক আক্ৰমণৰ পৰিকল্পনা কৰা বুলি তদন্তত প্ৰকাশ পাইছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অভিযুক্তসকলে আমিৰ খানৰ ঘৰৰ আশে-পাশে কমেও তিনিবাৰ ঘূৰি পৰিস্থিতিৰ বুজ লৈছিল। ২০ ছেপ্টেম্বৰত হাৰিয়ানাৰ পৰা মুম্বাইলৈ আহিছিল অভিযুক্ত ফুল সিং আৰু ৰেহান আনছাৰী। প্ৰায় এমাহ ধৰি চহৰখনৰ বিভিন্ন অঞ্চলত থকাৰ সময়ত তেওঁলোকে আমিৰ খানৰ চলা-ফুৰাৰ ওপৰত নজৰ ৰাখিবলৈ চেষ্টা কৰিছিল।

তদন্তত প্ৰকাশ পোৱা অনুসৰি, আমিৰ খানে কেতিয়াবা শ্বুটিঙৰ কামত ঘৰৰ পৰা বাহিৰলৈ গৈছিল আৰু মুম্বাইলৈ উভতি অহাৰ পিছত দীৰ্ঘ সময় ঘৰৰ ভিতৰতে কটাইছিল। অভিনেতাগৰাকীৰ বাহিৰলৈ ওলোৱাৰ কোনো নিৰ্দিষ্ট সময়সূচী নথকাত তেওঁৰ কাষ চাপিবলৈ সুযোগ পোৱাটো কঠিন হ’ব বুলি অভিযুক্তসকলে ভাবিছিল।

আৰক্ষীৰ সূত্ৰৰ দাবী অনুসৰি, ছেপ্টেম্বৰৰ শেষৰ ফালে পৰিস্থিতিৰ বুজ লোৱাৰ পিছত অভিযুক্তসকলে পৰিকল্পনা সলনি কৰি টাইগাৰ শ্ৰফক লক্ষ্য কৰাৰ সিদ্ধান্ত লয়।

তদন্তকাৰীসকলৰ অনুমান অনুসৰি, টাইগাৰ শ্ৰফৰ চলা-ফুৰাৰ বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰাৰ বাবে তেওঁক আক্ৰমণ কৰাটো তুলনামূলকভাৱে সহজ হ’ব বুলি অভিযুক্তসকলে ভাবিছিল।

অভিনেতাগৰাকীয়ে প্ৰতি দেওবাৰে জুহুৰ পুষ্প নাৰ্ছি পাৰ্কৰ ফুটবল খেলপথাৰত খেলিবলৈ যোৱাৰ অভ্যাস আছিল। এই বিষয়ে জানিব পাৰি অভিযুক্তসকলে তেওঁৰ চলা-ফুৰাৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছে।

১৮ অক্টোবৰৰ সন্ধিয়া খেলপথাৰৰ সমীপত খেল শেষ কৰি টাইগাৰ শ্ৰফ গাড়ীত উঠিবলৈ লওঁতেই দুজন বন্দুকধাৰীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে। তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে তৃতীয়জন অভিযুক্ত মটৰচাইকেল লৈ ওচৰতে অপেক্ষা কৰি আছিল।

গুলীচালনাৰ ফলত টাইগাৰৰ পৰিৱৰ্তে তেওঁৰ গাড়ীচালকজন আহত হয়। অভিনেতা জেকী শ্ৰফৰ পুত্ৰ টাইগাৰো সামান্য আঘাতপ্ৰাপ্ত হয় বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। ইয়াৰ পিছতো টাইগাৰে নিজেই গাড়ী চলাই আহত চালকজনক লৈ আৰক্ষী থানাত উপস্থিত হয়।

তদন্তকাৰীসকলৰ দাবী অনুসৰি, অভিযুক্তসকলে ইয়াৰ পূৰ্বে ১১ অক্টোবৰত সেই ফুটবল খেলপথাৰলৈ গৈছিল। কিন্তু সেইদিনা টাইগাৰ খেলিবলৈ নহাত তেওঁলোক উভতি যায়। এসপ্তাহ পিছত পুনৰ খেলপথাৰখনলৈ আহি তেওঁলোকে অপেক্ষা কৰি আছিল। টাইগাৰ বাহিৰলৈ ওলাই অহাৰ লগে লগে তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আমিৰ খানক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনা কৰাৰ সৈতে চলিত বছৰৰ জুলাই মাহত তেওঁলৈ অহা এটা ভাবুকিৰ সম্পৰ্ক আছে নেকি, সেই বিষয়টোও তদন্তকাৰীসকলে পৰীক্ষা কৰি আছে।

জানিব পৰা মতে, সেই সময়ত লৰেন্স বিষ্ণোই গেঙৰ সৈতে জড়িত বুলি দাবী কৰা এজন ব্যক্তিয়ে অভিনেতাগৰাকীক ভাবুকি প্ৰদান কৰিছিল। আমিৰ খানৰ ব্যক্তিগত জীৱন আৰু একাধিক বিবাহক লৈও সেই বাৰ্তাত আপত্তি প্ৰকাশ কৰা হৈছিল বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।

অৱশ্যে, জুলাই মাহত দিয়া ভাবুকি আৰু অক্টোবৰত টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি চলোৱা গুলীচালনাৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিভিন্ন দিশ পৰীক্ষা কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষমুক্ত ঘোষণা আদালতৰ; অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰত সকাহ পালে ৰাহুল গান্ধীয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ গোচৰত অভিযুক্ত বুলি উল্লেখ...

দিল্লীৰ নৰ্থ ব্লকত ক’লা ধোঁৱা; ৰাষ্ট্ৰপতি ভৱন আৰু পুৰণি সংসদ ভৱনৰ সমীপত আতংক

দিল্লীৰ নৰ্থ ব্লকত সোমবাৰে পুৱা ক’লা ধোঁৱা ওলোৱাক কেন্দ্ৰ...