ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয় ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

ডোভাল আৰু ৱাং য়ী দুয়োজনেই ভাৰত-চীন সীমা আলোচনাৰ বাবে নিযুক্ত বিশেষ প্ৰতিনিধি। প্ৰায় ৩,৪৮৮ কিলোমিটাৰ দীঘল সীমান্তক কেন্দ্ৰ কৰি চলি অহা বিবাদৰ সমাধানৰ বাবে ২০০৩ চনত এই বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা ব্যৱস্থা আৰম্ভ কৰা হৈছিল।

আগন্তুক ১২-১৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া BRICS শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অংশগ্ৰহণ কৰাৰ সম্ভাৱনাৰ মাজতে ডোভাল-ৱাংৰ বৈঠকে বিশেষ তাৎপৰ্য লাভ কৰিছে। সম্ভাব্য জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে সীমান্ত আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশত এই আলোচনাই গুৰুত্ব বহন কৰিছে।

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে চীনত উপস্থিত হোৱা ডোভালে দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙকো সাক্ষাৎ কৰে। দুয়োগৰাকীয়ে সীমান্ত অঞ্চলত শান্তি আৰু স্থিতিশীলতা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক, ৰাজনৈতিক আৰু বহুপাক্ষিক ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে।

২০২০ চনৰ গালৱান সংঘৰ্ষ আৰু পূব লাডাখত সৃষ্টি হোৱা দীৰ্ঘদিনীয়া সামৰিক অচলাৱস্থাৰ পিছত ভাৰত-চীন সম্পৰ্কত যথেষ্ট উত্তেজনা সৃষ্টি হৈছিল। যদিও সীমা বিবাদৰ চূড়ান্ত সমাধান এতিয়াও হোৱা নাই, দুয়োখন দেশে উত্তেজনা হ্ৰাস আৰু সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে ধাৰাবাহিকভাৱে আলোচনা অব্যাহত ৰাখিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে, ডোভাল-ৱাংৰ আলোচনাত সীমান্তৰ উপৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহো স্থান পাব পাৰে। ২০২৫ চনৰ আগষ্টত দুয়োখন দেশৰ মাজত ২৪ সংখ্যক বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...

উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি...

Rebel TMC সাংসদৰ দাবীঃ দুৰ্গা পূজাৰ পূৰ্বে অথবা পাছত BJPত যোগদান কৰিব ১৭ NCPI সাংসদে

অক্টোবৰ মাহত দুৰ্গা পূজাৰ পূৰ্বে অথবা পিছত নেচনেলিষ্ট চিটিজেনছ...