দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ ডি আৰ ডি অ’ (DRDO)-ই বিকাশ কৰা সকলো পৰম্পৰাগত ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ প্ৰযুক্তি ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগসমূহক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে।

এই পদক্ষেপৰ মূল লক্ষ্য হৈছে দেশৰ সামৰিক কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰা, প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু দেশীয় মূল্য সংযোজন বৃদ্ধি কৰা। প্ৰযুক্তি হস্তান্তৰৰ (Transfer of Technology) এই সিদ্ধান্তই নিৰ্ধাৰিত মানদণ্ড, প্ৰমাণপত্ৰ আৰু চৰকাৰী নিয়মাৱলী অনুসৰি দেশীয় উদ্যোগসমূহক থলুৱাভাৱে ক্ষেপণাস্ত্ৰ উৎপাদন কৰিবলৈ সক্ষম কৰি তুলিব, যিটো ঘৰুৱা উদ্যোগৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ বিকাশ পৰ্যায়ৰ পৰা ঔদ্যোগিক উৎপাদন স্তৰলৈ সফলতাৰে ৰূপান্তৰ সম্ভৱ হ’ব।

এই পদক্ষেপে দেশীয় উৎপাদন ক্ষমতা আৰু প্ৰতিৰক্ষা ঔদ্যোগিক ভেটি সুদৃঢ় কৰাৰ লগতে সামগ্ৰী যোগান শৃংখলত ভাৰতীয় ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (MSME) তথা অন্যান্য প্ৰযুক্তি অংশীদাৰসকলৰ বাবে বৃহৎ সুযোগ সৃষ্টি কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...

উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি...

Rebel TMC সাংসদৰ দাবীঃ দুৰ্গা পূজাৰ পূৰ্বে অথবা পাছত BJPত যোগদান কৰিব ১৭ NCPI সাংসদে

অক্টোবৰ মাহত দুৰ্গা পূজাৰ পূৰ্বে অথবা পিছত নেচনেলিষ্ট চিটিজেনছ...