৪ ঘণ্টাত ৩,৪০০টা চুম্বন, পৰিণতি ৫,৫০০ টকাৰ চালান

মধ্যপ্রদেশত সংঘটিত হ’ল আজৱ ঘটনা। মধ্যপ্রদেশৰ গোৱালিয়ৰত ছ’চিয়েল মিডিয়াৰ এটা ভাইৰেল ট্ৰেণ্ড অনুসৰণ কৰি প্ৰেমিকাই প্ৰেমিকৰ গাড়ীত যাচিছিল প্ৰায় ৩,৪০০টা চুম্বন। গাড়ীখন এনেদৰে সজাবলৈ প্ৰায় ৪ ঘণ্টা সময় লাগিছিল।

গাড়ীখনৰ মালিক আদিত্য সিকাৰৱাৰ। অনলাইনত দেখা এটা ট্ৰেণ্ডৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ প্ৰেমিকাই এটাৰ পিছত এটাকৈ লিপষ্টিকৰ চুম্বন আঁকি গাড়ীখন সজাইছিল।

পিছত চুম্বনৰ দাগেৰে ভৰা গাড়ীখনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কিন্তু ছবিত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ স্পষ্টকৈ দেখা যোৱাৰ বাবেই ট্ৰেফিক আৰক্ষীৰো চকুত পৰে গাড়ীখন।

আৰক্ষীয়ে পঞ্জীয়ন নম্বৰৰ জড়িয়তে গাড়ীখন চিনাক্ত কৰি জব্দ কৰে আৰু আদিত্যক সোধা-পোছা কৰে। ট্ৰেফিক নিয়ম ভংগ কৰাৰ বাবে তেওঁক ৫,৫০০ টকাৰ চালান জাৰি কৰা হয়।

পিছত গাড়ীখনৰ পৰা লিপষ্টিকৰ দাগ আঁতৰাই ভালদৰে ধুই পেলোৱা হয়। আদিত্যয়ো নিজৰ ভুল স্বীকাৰ কৰে।

৪ ঘণ্টাৰ প্ৰেম, ৩,৪০০টা চুম্বন—আৰু শেষত ৫,৫০০ টকাৰ চালান! ছ’চিয়েল মিডিয়াৰ প্ৰতিটো ট্ৰেণ্ড যে নকল কৰাৰ উপযোগী নহয়, গোৱালিয়ৰৰ এই ঘটনাই যেন তাৰেই মজাৰ উদাহৰণ দিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...

উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি...

Rebel TMC সাংসদৰ দাবীঃ দুৰ্গা পূজাৰ পূৰ্বে অথবা পাছত BJPত যোগদান কৰিব ১৭ NCPI সাংসদে

অক্টোবৰ মাহত দুৰ্গা পূজাৰ পূৰ্বে অথবা পিছত নেচনেলিষ্ট চিটিজেনছ...