“বানাক্ৰান্তই যেতিয়ালৈকে সহায় নাপাব, তেতিয়ালৈকে মই ক্ষান্ত নহওঁ”: সোণাৰিত অখিল গগৈৰ হুংকাৰ

সোণাৰিত বানাক্ৰান্ত ৰাইজৰ সাহায্যৰ দাবীত অনুষ্ঠিত জনসভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক তাৎক্ষণিকভাৱে ১০ লাখ টকাৰ সাহায্য প্ৰদানৰ দাবী জনালে বিধায়কগৰাকীয়ে।

বানৰ বিভীষিকাৰ ৩৫ দিন পাৰ হৈ যোৱাৰ পাছতো বহু বানাক্ৰান্তই পৰ্যাপ্ত সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ প্ৰশ্ন কৰে, “৩৫ দিনে যদি তাৎক্ষণিক সাহায্য নিদিয়ে, ৩৫ বছৰৰ পাছত দিব নেকি?”

জিলা আয়ুক্তৰ সৈতে হোৱা বাক-বিতণ্ডাৰ প্ৰসংগতো নিজৰ স্থিতি স্পষ্ট কৰি অখিল গগৈয়ে কয় যে বানাক্ৰান্তৰ স্বাৰ্থত তেওঁ অলপ কঠোৰ ভাষাত কথা কৈছিল। “আমি ডিচিৰ ওচৰলৈ যাব নালাগে। ডিচিয়েহে আমাক ছাৰ বুলি ক’ব লাগে। মই বেয়া ব্যৱহাৰ কৰা নাই, অলপ টানকৈহে কৈছিলোঁ বানাক্ৰান্তৰ স্বাৰ্থত,” বুলি মন্তব্য কৰে তেওঁ।

বানাক্ৰান্ত লোকসকলে ন্যায্য সাহায্য লাভ নকৰালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দি অখিল গগৈয়ে কয়, “বানাক্ৰান্তই যেতিয়ালৈকে সহায় নাপাব, তেতিয়ালৈকে মই ক্ষান্ত নহওঁ।”

বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ সাহায্য প্ৰদানৰ দাবীক কেন্দ্ৰ কৰি আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰাৰ ইংগিত দিয়ে বিধায়কগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...