গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোক আহত হৈছে। সোমবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত এই ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযুক্ত ঘনকান্ত গগৈক জিম্মাত লোৱাৰ লগতে ঘটনাত ব্যৱহৃত পিষ্টলটো জব্দ কৰিছে। ঘটনাটোৰ তদন্তৰ বাবে গুৱাহাটী আৰক্ষীয়ে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে।
গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, গুলীচালনাৰ খবৰ লাভ কৰাৰ পাছতে পল্টন বজাৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে হোটেলখনৰ অভ্যৰ্থনা কক্ষত চাৰিজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰে। আনহাতে, হোটেললৈ যোৱা সংযোগী পথত দুজন লোকক আহত অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (GMCH) প্ৰেৰণ কৰা হয়। চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ এজনৰ মৃত্যু হয়।
নিহত লোককেইজন হৈছে বৰপেটাৰ ভূদেৱ ভৰালী (৬৫), গুৱাহাটীৰ নবীন নগৰৰ হেলেনা ভৰালী (৫৮), দেৱৰ্ষি কাশ্যপ (৩৯) আৰু ৰিণিকা কাশ্যপ (৩০), লগতে বৰপেটাৰ নাৰায়ণ দাস (৪৮)। আনহাতে, বৰপেটাৰ সত্যেন্দ্ৰ পাঠক (৪৩) বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, হোটেলখনৰ ভাড়াচুক্তি আৰু পৰিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।
প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত হোটেলখনৰ মালিকপক্ষই ঘনকান্ত গগৈৰ সৈতে পাঁচ বছৰৰ বাবে ভাড়াচুক্তি সম্পাদন কৰিছিল। চুক্তি অনুসৰি হোটেলখনৰ মাহিলি ভাড়া আছিল ১ লাখ ৮০ হাজাৰ টকা। অভিযুক্তই হোটেলখনৰ মেৰামতি আৰু নৱীকৰণৰ কাম সম্পন্ন কৰাৰ পাছত হোটেলৰ চৌহদৰ ব্যৱহাৰ আৰু কেতবোৰ সা-সুবিধাক লৈ দুয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হয়।
এই বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে ২৬ অক্টোবৰত হোটেলখনত এখন বৈঠকৰ আয়োজন কৰা হৈছিল। কিন্তু বৈঠক আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূৰ্বেই দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পৰিস্থিতি সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, ইয়াৰ পাছতে অভিযুক্তই ছয়জন লোকৰ ওপৰত গুলীচালনা কৰে।
ঘটনাৰ পাছত অভিযুক্ত ঘনকান্ত গগৈৰ উপস্থিতিৰ খবৰ বশিষ্ঠ আৰক্ষী থানা এলেকাত লাভ কৰা হয় আৰু তেওঁক আৰক্ষীৰ জিম্মালৈ অনা হয়। ঘটনাত ব্যৱহৃত পিষ্টলটোও আৰক্ষীয়ে জব্দ কৰে।
ঘটনাস্থলী সুৰক্ষিত কৰি অপৰাধ অনুসন্ধান বিভাগ (CID) আৰু ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (FSL) বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা-নিৰীক্ষা চলোৱা হয়। ঘটনাস্থলীৰ পৰা .৩২ কেলিবাৰৰ পিষ্টলৰ কেইবাটাও ব্যৱহৃত কাৰ্টিজৰ খোলা আৰু সজীৱ কাৰ্টিজ জব্দ কৰা হৈছে। বৰ্তমান তদন্তকাৰী বিষয়াসকলে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।
ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ক্ষিপ্ৰ, নিৰপেক্ষ আৰু বৈজ্ঞানিক তদন্ত নিশ্চিত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।
দলটোৰ নেতৃত্বত আছে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন। দলৰ আন সদস্যসকল হৈছে উপ-আৰক্ষী আয়ুক্ত (মধ্য) শাম্ভৱী মিশ্ৰ, উপ-আৰক্ষী আয়ুক্ত (অপৰাধ) ড০ দেবজিৎ নাথ, অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (মধ্য) ভিকু আচুমি, পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেশজ্যোতি ভূঞা আৰু উপ-পৰিদৰ্শক অবিনাশ দাস।
SIT-এ ফৰেনছিক সাক্ষ্য-প্ৰমাণ পৰীক্ষা কৰাৰ লগতে প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য সাক্ষীৰ ভাষ্য সংগ্ৰহ কৰিব। ইয়াৰ উপৰি গুলীচালনাৰ পূৰ্বে সৃষ্টি হোৱা পৰিস্থিতি আৰু ঘটনাটোৰ সৈতে জড়িত অন্যান্য দিশসমূহো তদন্তৰ আওতালৈ অনা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
ঘটনাটোৰ সম্পূৰ্ণ কাৰণ, ঘটনাক্ৰম আৰু ইয়াৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ অনাৰ বাবে তদন্ত অব্যাহত আছে।
