ৰেষ্টুৰেণ্টত খাদ্য খাই অসুস্থ হৈ পৰা মহিলাক ৯৬,৫০০ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ কেৰালাৰ গ্ৰাহক আয়োগৰ

কেৰালাৰ পাঠনমথিট্টা জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগে খাদ্য খাই অসুস্থ হৈ পৰা এগৰাকী মহিলাক যৌথভাৱে ৯৬,৫০০ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ এখন বিৰিয়ানী কেফেৰ স্বত্বাধিকাৰী আৰু পৰিচালকক নিৰ্দেশ দিছে। ৰাণ্নীৰ চেথোনকাৰাত অৱস্থিত ‘কিংছ বিৰিয়ানী কেফে’ৰ স্বত্বাধিকাৰী আশীষ জন মেথিউ আৰু শাখা পৰিচালকক ৰীণা থমাছ নামৰ মহিলাগৰাকীক ৩০ দিনৰ ভিতৰত চিকিৎসালয়ৰ খৰচ হিচাপে ৩৬,৫০০ টকা, ক্ষতিপূৰণ হিচাপে ৫০,০০০ টকা আৰু আইনী খৰচ হিচাপে ১০,০০০ টকা পৰিশোধ কৰিবলৈ এই নিৰ্দেশ প্ৰদান কৰা হৈছে।

অভিযোগ অনুসৰি, ২০২৫ চনৰ ২১ অক্টোবৰত ৰীণা থমাছে ভগ্নীৰ সৈতে উক্ত কেফেখনলৈ গৈ ‘আলফাহাম’ নামৰ খাদ্যবিধ অৰ্ডাৰ কৰিছিল। খাদ্য গ্ৰহণৰ সময়ত অস্বাভাৱিক সোৱাদ পাই ৱেইটাৰক অৱগত কৰিছিল যদিও তেওঁলোকে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাছিল। পৰৱৰ্তী সময়ত ঘৰলৈ উভতি যোৱাৰ পথতে মহিলাগৰাকী বমি, পেটৰ বিষ আৰু দুৰ্বলতাত আক্ৰান্ত হয়। প্ৰথমে স্থানীয় চিকিৎসালয়ত আৰু পিছত গুৰুতৰ অৱস্থাত কাঞ্জিৰাপল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁ এসপ্তাহ চিকিৎসাধীন হ’বলগীয়া হয়। চিকিৎসকে পৰীক্ষাৰ অন্তত নিম্নমানৰ বা আধা সিজা খাদ্য খোৱাৰ ফলত ছালম’নেলা সংক্ৰমণ (Salmonella infection) হোৱা বুলি নিশ্চিত কৰে। ঘটনা সন্দৰ্ভত কেফে কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও তেওঁলোকে উপযুক্ত সঁহাৰি নিদিয়াত মহিলাগৰাকীয়ে আয়োগৰ কাষ চাপে। আয়োগৰ সভাপতি বেবীচন ভেচুচিৰা আৰু সদস্য নিষাদ থানকাপ্পানৰ বিচাৰপীঠে চিকিৎসালয়ৰ নথিপত্ৰ আৰু প্ৰমাণ পৰীক্ষা কৰি এই ৰায় প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যজুৰি আছুৰ ড্ৰাগছ বিৰোধী সজাগতা সমদল

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি সজাগতা সমদল উলিয়ালে সদৌ অসম...

এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...

লাডাখৰ বাবে নতুন সাংবিধানিক ব্যৱস্থা! কি আছে প্ৰস্তাৱিত Article 371(K)ত?

লাডাখৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি-সংস্কৃতিৰ সুৰক্ষাক লৈ কেন্দ্ৰই আগবঢ়াইছে...