১৯৬০ চনৰ পৰাই অসমীয়াৰ বসতি, এতিয়া নেঘেৰীবিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ ২ নং নেঘেৰীবিলত ভূমি অধিকাৰক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে উত্তেজনা। ১৯৬০ চনৰ পৰাই অসমীয়াই বসবাস কৰি অহা এই অঞ্চলটোৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নাগালেণ্ডৰ Lotha Lower Range Public Organisation (LLRPO)-এ।

নেঘেৰীবিলত ৫৯টা পৰিয়ালক উচ্ছেদক লৈ চলি থকা প্ৰক্ৰিয়াৰ মাজতে LLRPO-ই দাবী কৰিছে যে অঞ্চলটো নাগালেণ্ডৰ লুগায়ুম আৰু মিকিৰাং বস্তিৰ অন্তৰ্গত। সংগঠনটোৱে নাগালেণ্ড চৰকাৰক বিষয়টোত তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি অসমৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ আহ্বান জনাইছে।

LLRPO-ৰ দাবী অনুসৰি, নগা লোকসকলে বৰ্তমানৰ বাসিন্দাসকলক ভূমি বিক্ৰী কৰাৰ নথি-পত্ৰও আছে। অৱশ্যে এই দাবী নস্যাৎ কৰি অসমৰ বিভিন্ন জাতীয় সংগঠন আৰু স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, নেঘেৰীবিলত অবৈধভাৱে বসতি স্থাপনৰ অভিযোগত ২০২৫ চনত অসম চৰকাৰৰ বন বিভাগে মুঠ ২০৫টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰিছিল। পৰৱৰ্তী উচ্ছেদ অভিযানত ১৪৬টা পৰিয়ালক উচ্ছেদ কৰা হয়। অৱশিষ্ট ৫৯টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত হৈ আছিল।

ইয়াৰ পিছত জিলা প্ৰশাসন আৰু বন বিভাগে আদালতৰ নিৰ্দেশ আৰু আইনগত প্ৰক্ৰিয়া অনুসৰি ১৬ আগষ্টত উচ্ছেদৰ বাবে জাননী আৰু চিহ্ন প্ৰদান কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে।

কিন্তু ইয়াৰ পাছতে LLRPO-ই নেঘেৰীবিলৰ ভূমিৰ ওপৰত নাগালেণ্ডৰ অধিকাৰ দাবী কৰাত সীমান্ত অঞ্চলটোত নতুনকৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নাগালেণ্ডৰ কেইবাটাও সংবাদ মাধ্যমতো সংগঠনটোৰ দাবীক লৈ বাতৰি প্ৰকাশ পোৱাৰ পিছত মেৰাপানীৰ স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, TMPK আদি সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

ভূমিৰ মালিকীস্বত্ব আৰু সীমা নিৰ্ধাৰণক লৈ দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া বিবাদৰ মাজতে নেঘেৰীবিলৰ শেহতীয়া ঘটনাই পুনৰ অসম-নাগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ বিষয়টোক চৰ্চালৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যজুৰি আছুৰ ড্ৰাগছ বিৰোধী সজাগতা সমদল

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি সজাগতা সমদল উলিয়ালে সদৌ অসম...

এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...

লাডাখৰ বাবে নতুন সাংবিধানিক ব্যৱস্থা! কি আছে প্ৰস্তাৱিত Article 371(K)ত?

লাডাখৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি-সংস্কৃতিৰ সুৰক্ষাক লৈ কেন্দ্ৰই আগবঢ়াইছে...