নতুন দিল্লীত ২৯ নৱেম্বৰত অনুষ্ঠিতব্য সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য,ৰাজহুৱা প্ৰতিষ্ঠান আৰু প্ৰাচ্য ভিত্তিক কাৰ্য্য নীতি বিভাগৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত জনতা ভৱনৰ কাৰ্যালয় কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তী, সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিভাগৰ বিভিন্ন পৰ্যায়ৰ কেবাগৰাকীও বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত এই অনুষ্ঠানৰ বাবে সাংস্কৃতিক বিভাগৰ বিষয়া সকলক প্ৰদান কৰা বিভিন্ন দায়িত্ব যাতে নিয়াৰিকৈ পালন কৰা হয় সেই সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়।
এই দিশত নতুন দিল্লীত বসবাস কৰা অসমীয়া লোকসকলৰ লগতে তেওঁ লোকক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংস্থাৰ সৈতে যোগাযোগ কৰি সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান সফল কৰি তোলাৰ ক্ষেত্রতো আলোচনা কৰা হয়।
এই অনুষ্ঠানৰ বাবে নতুন দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নেতৃস্থানীয় সাংস্কৃতিক কৰ্মী সকলক আমন্ত্রণ জনোৱাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী বড়াই বিষয়া সকলক নিৰ্দেশ দিয়ে।সভাত সাংস্কৃতিক বিভাগে আগন্তুক দিনত হাতত লব লগা বিভিন্ন অনুষ্ঠানৰ সন্দৰ্ভতো আলোচনা কৰি মন্ত্ৰী বড়াই প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে।
