বিশ্বৰ প্ৰধান মহাকাশ শক্তিসমূহৰ ভিতৰত ভাৰতত ৰকেট উৎক্ষেপণৰ খৰচ কিয় সৰ্বাধিক ?

ভাৰতত মহাকাশলৈ ৰকেট উৎক্ষেপণৰ খৰচ বিশ্বৰ প্ৰধান মহাকাশ শক্তিসমূহৰ তুলনাত সৰ্বাধিক। এক নতুন অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য |

Economics Lettersত প্ৰকাশিত অধ্যয়নটোত ১৯৬০ৰ পৰা ২০২৫ চনলৈ ৬,৭৪০ৰো অধিক ৰকেট উৎক্ষেপণ বিশ্লেষণ কৰা হয়। ২০২৫ চনত ভাৰতত প্ৰতি কিলোগ্ৰাম Payload মহাকাশলৈ পঠিওৱাৰ গড় খৰচ আছিল ১৩,৩০২ ডলাৰ। ইয়াৰ বিপৰীতে আমেৰিকাত এই খৰচ আছিল ৩,২২৫ ডলাৰ।

ইউৰোপত প্ৰতি কিলোগ্ৰামত ৯,৮৯৭ ডলাৰ, ৰাছিয়াত ৬,৬৮২ ডলাৰ, চীনত ৫,৮০৯ ডলাৰ আৰু জাপানত ৫,২৮৭ ডলাৰ খৰচ হৈছিল। বিশ্বৰ গড় খৰচ আছিল ৩,৮৬৮ ডলাৰ প্ৰতি কিলোগ্ৰাম।

গৱেষকসকলৰ মতে, ভাৰতৰ অধিক খৰচৰ অন্যতম কাৰণ হৈছে তুলনামূলকভাৱে সৰু ৰকেটৰ ব্যৱহাৰ। সৰু ৰকেটে কম পেলোড কঢ়িয়াই নিয়ে, কম ইন্ধনৰ বাবে ৰকেটৰ ইঞ্জিনে মহাকাশৰ মাধ্যাকর্ষণ পাৰ হৈ ওপৰলৈ উঠিবলৈ প্ৰয়োজনীয় প্ৰবল শক্তি সৃষ্টি কৰিব নোৱাৰে। ফলত এটা উৎক্ষেপণৰ স্থিৰ খৰচ কম পৰিমাণৰ পেলোডৰ মাজত ভাগ হয় আৰু প্ৰতি কিলোগ্ৰাম খৰচ বৃদ্ধি পায়।

অধ্যয়নটোৱে লগতে প্ৰকাশ কৰিছে যে ২০২৫ চনত বিশ্বৰ মুঠ মহাকাশলৈ প্ৰেৰণ কৰা পেলোডৰ ৭৫ শতাংশ SpaceX-এ উৎক্ষেপণ কৰিছিল।

গৱেষকসকলে কয় যে কিছুমান দেশে কম খৰচৰ বিদেশী উৎক্ষেপণ সেৱাৰ সলনি নিজা ৰকেট ব্যৱহাৰ কৰি কৌশলগত স্বাৱলম্বিতা বজাই ৰাখিবলৈ চেষ্টা কৰিছে ইয়াৰ ফলত বৃহৎ আন্তঃগাঁথনি গঢ়ি তোলা আৰু বজাই ৰখাৰ খৰচ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...