নিউয়ৰ্কত পিজ্জা ডেলিভাৰী কৰি থাকোঁতেই গুলীয়াই হত্যা ভাৰতীয় যুৱকক

আমেৰিকাৰ নিউয়ৰ্ক চহৰত পিজ্জা ডেলিভাৰী কৰি থকা সময়তে গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱালে পাঞ্জাবৰ ২৮ বছৰীয়া যুৱক গুৰুদীপ সিঙে। এই ঘটনাই তেওঁৰ জন্মস্থান বেগোৱাল গাঁৱত শোকৰ ছাঁ পেলাইছে।

১৩ বছৰ পূৰ্বে আমেৰিকালৈ গৈছিল গুৰুদীপ

পৰিয়ালৰ মতে, প্ৰায় ১৩ বছৰ পূৰ্বে ঋণ লৈ উন্নত জীৱনৰ আশাত আমেৰিকালৈ গৈছিল গুৰুদীপে। পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ লগতে পিতৃ-মাতৃৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লক্ষ্যৰে তেওঁ কঠোৰ পৰিশ্ৰম কৰি আহিছিল।

পিজ্জা ডেলিভাৰীৰ সময়তে আক্ৰমণ

নিউয়ৰ্কত পিজ্জা ডেলিভাৰী কৰি থকাৰ সময়তে অচিনাক্ত বন্দুকধাৰীয়ে গুৰুদীপক গুলীয়াই হত্যা কৰে। প্ৰাথমিকভাৱে এই ঘটনাটো লুটপাতৰ চেষ্টাৰ ফল হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

মৃতদেহ ভাৰতলৈ অনাৰ দাবী

গুৰুদীপৰ পিতৃ পিয়াৰা লাল আৰু ভাতৃয়ে ভাৰত চৰকাৰৰ ওচৰত মৃতদেহ শীঘ্ৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লগতে নিউয়ৰ্ক আৰক্ষীক অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি নিশ্চিত কৰিবলৈ দাবী জনাইছে।

গুৰুদীপৰ আকস্মিক মৃত্যুত পাঞ্জাবৰ বেগোৱাল গাঁৱত গভীৰ শোকৰ সৃষ্টি হৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...