গোলাঘাটত কৰ্তব্য পালনৰ সময়ত এন কে টিভিৰ সাংবাদিক দেৱাশিষ সাহাক দুজন বন কৰ্মীয়ে শাৰিৰীকভাৱে অপদস্থ তথা দুৰ্ব্যৱহাৰ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি, এমাহ পূৰ্বে জিলাখনত জব্দ হোৱা দুখন অভাৰলোডেড শিল-বালি ভৰ্তি ডাম্পাৰ সন্দৰ্ভত স্থানীয় ৰাইজ তথা ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত নিশা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিক দেৱাশিষ সাহা। সেই সময়তে বন কৰ্মী অংকুৰ মহন্ত আৰু প্ৰকাশ দাসৰ নেতৃত্বত অহা বন বিভাগৰ এটা দলে সুৰামত্ত অৱস্থাত সাংবাদিকগৰাকীৰ ওপৰত চৰম অভব্য আচৰণ কৰাৰ লগতে তেওঁৰ কেমেৰা ভাঙিবলৈ উদ্যত হয়। ইতিমধ্যে সেই দৃশ্যাংশ কেমেৰাত বন্দী হৈছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যমৰ এজন কৰ্তব্যৰত সাংবাদিকৰ ওপৰত এনেদৰে কৰা আক্ৰমণ আৰু ভাবুকি অত্যন্ত উদ্বেগজনক, অগণতান্ত্ৰিক। দুৰ্নীতি আৰু অনিয়মৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীৰ কণ্ঠৰোধ কৰাৰ এনে অপচেষ্টা কেতিয়াও গ্ৰহণযোগ্য নহয়। ইতিমধ্যে ভুক্তভোগী সাংবাদিকজনে গোলাঘাট আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।
গুৱাহাটী প্ৰেছ ক্লাবে অসম চৰকাৰৰ বন বিভাগ তথা আৰক্ষী প্ৰশাসনক এই ঘটনাৰ এক নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্ত কৰিবলৈ দাবী জনাইছে। লগতে সাংবাদিক নিগ্ৰহৰ সৈতে জড়িত অভিযুক্ত বন কৰ্মী অংকুৰ মহন্ত, প্ৰকাশ দাসকে ধৰি দোষী ব্যক্তিসকলৰ বিৰুদ্ধে অনতিপলমে দৃষ্টান্তমূলক আইনী আৰু বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অদূৰ ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ বাতৰি সংগ্ৰহৰ সময়ত সাংবাদিকসকলক অধিক সজাগ আৰু সচেতন হ’বলৈ গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনাইছে। একে সময়তে কৰ্তব্যৰত সংবাদকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰশাসনৰ প্ৰতি দাবী জনাইছে।
