অভিনেতা টাইগাৰ শ্ৰফ নহয়, শ্বুটাৰৰ প্ৰথম লক্ষ্য আছিল আন এজন! জেৰাত পোহৰলৈ আহিল হত্যাৰ পৰিকল্পনাৰ নতুন তথ্য

অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ গুলীচালনাৰ ঘটনাই নতুন মোৰ লৈছে। সূত্ৰ অনুসৰি, আক্ৰমণকাৰীসকলৰ প্ৰকৃত লক্ষ্য টাইগাৰ শ্ৰফ নাছিল, বৰঞ্চ আন এগৰাকী হাই-প্ৰফাইল ব্যক্তিক হত্যা কৰাৰ পৰিকল্পনাৰে তেওঁলোক মুম্বাইলৈ আহিছিল।

সূত্ৰৰ খবৰ অনুসৰি, বিহাৰৰ ২২ বছৰীয়া হৃত্বিক ওৰফে ৰোশন আৰু হাৰিয়ানাৰ ১৮ বছৰীয়া ৰেহান তথা ফুল সিঙে দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহুত ফুটবল খেলি উভতি অহাৰ সময়ত টাইগাৰ শ্ৰফৰ বাহনলৈ কেইবাজাইও গুলীচালনা কৰে।

সূত্ৰই জনোৱা অনুসৰি, জেৰাৰ সময়ত তিনিওজন অভিযুক্তই প্ৰকাশ কৰে যে তেওঁলোক প্ৰথমে আন এগৰাকী প্ৰভাৱশালী ব্যক্তিক হত্যা কৰিবলৈ মুম্বাইলৈ আহিছিল। কিন্তু সেই ব্যক্তিজনে অহা-যোৱা কৰা অঞ্চলসমূহ নিৰীক্ষণ কৰাৰ পিছত তেওঁলোকে লক্ষ্যত উপনীত হোৱাটো কঠিন বুলি বুজি পায়।

ইয়াৰ পিছতে অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ৰীলছৰ জৰিয়তে টাইগাৰ শ্ৰফৰ নিৰাপত্তাৰক্ষী নথকাৰ কথা জানিব পাৰি তেওঁক নতুন লক্ষ্য হিচাপে বাছি লয় বুলি সূত্ৰই দাবী কৰিছে। তাৰ পিছত আক্ৰমণকাৰীসকলে টাইগাৰ শ্ৰফ আৰু তেওঁৰ অনুৰাগীসকলৰ ইনষ্টাগ্ৰাম একাউণ্ট নিৰীক্ষণ কৰি অভিনেতাজনৰ গতিবিধিৰ তথ্য সংগ্ৰহ কৰিছিল।

সূত্ৰৰ মতে, বলীউডত আতংকৰ সৃষ্টি কৰিবলৈ টাইগাৰ শ্ৰফক হত্যা কৰাটোৱেই আছিল তেওঁলোকৰ উদ্দেশ্য।

আক্ৰমণকাৰীসকলে টাইগাৰ শ্ৰফৰ বাহনলৈ সাতজাই গুলীচালনা কৰে। অধিক গুলীচালনা কৰাৰ পৰিকল্পনা আছিল যদিও এটা বন্দুকত বিজুতি ঘটাত সেয়া সম্ভৱ নহ’ল। ঘটনাটোত অভিনেতাজন আৰু তেওঁৰ চালক আহত হয় যদিও তেওঁলোকে বাহনখন লৈ সেই স্থানৰ পৰা ওলাই যাবলৈ সক্ষম হয়।

গুলীচালনাৰ কেইঘণ্টামান পিছতে লৰেন্স বিষ্ণৈ গেঙে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰা বুলি দাবী কৰা হয়। গেঙৰ এগৰাকী সদস্য বুলি পৰিচয় দিয়া অনিল পণ্ডিতে এটা অডিঅ’ বাৰ্তাত কয় যে ছলমান খানৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ টাইগাৰ শ্ৰফক সকীয়াই দিয়া হৈছিল যদিও তেওঁ সেই কথা মানি লোৱা নাছিল।

অডিঅ’ বাৰ্তাটোত তেওঁ লগতে দাবী কৰে যে বলীউডৰ যিসকল লোকে তেওঁলোকৰ সৈতে সম্পৰ্ক নাৰাখে বা ছলমান খানৰ সৈতে কাম কৰে, তেওঁলোকক হত্যা কৰা হ’ব। অৱশ্যে এই দাবীসমূহৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।

সূত্ৰৰ মতে, আক্ৰমণকাৰীসকলক ৫০ হাজাৰ টকা অগ্ৰিম ধন দিয়া হৈছিল। আক্ৰমণটো সম্পন্ন কৰাৰ পিছত অধিক ধন আৰু বিদেশত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল বুলি অভিযোগ উঠিছে। গুলীচালনাৰ পিছত তেওঁলোকে নিজৰ পৰিচালকসকলক অভিযান সম্পূৰ্ণ হোৱাৰ খবৰ দিছিল বুলি সূত্ৰই জনায়।

ইফালে, সোমবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই টাইগাৰ শ্ৰফৰ বাসগৃহত উপস্থিত হৈ অভিনেতাজনক সাক্ষাৎ কৰে। তেওঁ কয় যে মুম্বাইত এনে ধৰণৰ দাদাগিৰি কোনো কাৰণতে সহ্য কৰা নহ’ব। ঘটনাটোক গৰিহণা দি তেওঁ অভিনেতাজনৰ চালকো আহত হোৱা বুলি উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...