মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ১৬ বছৰীয়া পুত্ৰক জন্মদিনৰ উপহাৰ হিচাপে বন্দুক কিনি দিছিল মাতৃয়ে। সেই বন্দুকেৰেই কিশোৰজনে বিদ্যালয়ত গুলীচালনা কৰি তিনিটা শিশুসহ এগৰাকী শিক্ষকক হত্যা কৰে।

অভিযোগ অনুসৰি, বন্দুকধাৰী কিশোৰ গ্ৰিফিন জে. জন দ্বিতীয়ৰ মাতৃ শ্বাণ্টাই নিকাৰছনে ২০২৬ চনৰ আগষ্ট মাহত আইনগতভাৱে এটা মেভাৰিক ৮৮ পাম্প-একচন ১২-গজ শ্বটগান ক্ৰয় কৰিছিল। চিবিএছ নিউজে সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, তেওঁ বন্দুকটো বিনোদনমূলক ব্যৱহাৰৰ বাবে পুত্ৰক উপহাৰ দিছিল।

যোৱা বৃহস্পতিবাৰে অৰেগনৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল এলিমেণ্টৰী স্কুলত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে কিশোৰজন এসময়ত এই বিদ্যালয়ৰে বিশেষ সহায়ৰ প্ৰয়োজন হোৱা শিক্ষাৰ্থী আছিল।

আৰক্ষীৰ তথ্য অনুসৰি, কিশোৰজনে প্ৰথমে এখন গৈ থকা পিকআপ ট্ৰাকলৈ গুলীচালনা কৰিছিল। ট্ৰাকখনৰ চালকজনে প্ৰথমে জৰুৰীকালীন সেৱা ৯১১লৈ ফোন কৰি ঘটনাৰ খবৰ দিয়ে। তাৰ পিছত কিশোৰজনে বিদ্যালয়খনৰ বন্ধ কাঁচৰ দুৱাৰলৈ গুলীচালনা কৰি ভিতৰত প্ৰৱেশ কৰে।

বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত দুৱাৰৰ বাওঁফালে থকা প্ৰথম শ্ৰেণীকোঠাটোত সোমাই তেওঁ গুলীচালনা কৰে। এই আক্ৰমণত তিনিটা শিশুসহ এগৰাকী শিক্ষক নিহত হয় আৰু আন দুজন লোক আহত হয়।

নিহত শিশুসকলৰ ভিতৰত পাঁচ বছৰীয়া ৰোয়াম ছামাৰো আছে। আন দুটা শিশুৰ বয়স আছিল ৮ আৰু ১১ বছৰ। নিহত শিক্ষয়িত্ৰীগৰাকীৰ নাম মেগান লেম্বাৰ্ট, তেওঁৰ বয়স আছিল ২৫ বছৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, গুলীচালনাত এগৰাকী সাত বছৰীয়া ছাত্ৰী আৰু ৫৪ বছৰীয়া এগৰাকী শিক্ষকো আহত হয়।

আৰক্ষীৰ তথ্য অনুসৰি, গুলীচালনাৰ সময়ত শ্ৰেণীকোঠাটোত মুঠ ৯জন লোক আছিল। ইয়াৰ ভিতৰত চাৰিজন প্ৰাপ্তবয়স্ক আৰু পাঁচটা শিশু আছিল।

আনহাতে, পিকআপ ট্ৰাকখনলৈ গুলীচালনা কৰা দেখি ৩৬ বছৰীয়া কেলুব জিয়ামানকোৱে কিশোৰজনক অনুসৰণ কৰি বিদ্যালয়ত প্ৰৱেশ কৰে। তাত এগৰাকী শিক্ষকে বন্দুকটো কাঢ়ি ল’বলৈ কিশোৰজনৰ সৈতে হতাহতি কৰি থকাৰ সময়তে দুগৰাকী শিক্ষাৰ্থীৰ পিতৃ জিয়ামানকোৱে কিশোৰজনক গুলীয়াই হত্যা কৰে।

জিয়ামানকো বেণ্ড চহৰৰ বাসিন্দা। তেওঁৰ দুগৰাকী কন্যাই ছিলভাৰ ৰেইল এলিমেণ্টৰী স্কুলত অধ্যয়ন কৰে।

ইফালে, গুলীচালনাৰ আঁৰৰ কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। ঘটনাটোত নিহত হোৱা তিনিটা শিশুৰ ভিতৰত এগৰাকী শিশুৰ অভিভাৱকে ইতিমধ্যে অধিবক্তা নিয়োগ কৰি বিদ্যালয়খনৰ নিৰাপত্তা ব্যৱস্থা আৰু আক্ৰমণকাৰী কিশোৰজনে কেনেকৈ বন্দুক লাভ কৰিলে, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...