অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ সভাপতি জোৰামথাংগা। সুদীৰ্ঘ ৬০বছৰৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰিলে মিজো নেচনেল ফ্ৰণ্টৰ একালৰ গেৰিলা যোদ্ধা, বৰ্তমানৰ সভাপতি তথা মিজোৰামৰ ৩বাৰৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই। জোৰামথাংগাই প্ৰদান কৰিলে ‘গেৰিলা যোদ্ধাৰ পৰা শান্তিস্থাপনকাৰীলৈ’ শীৰ্ষক এক বক্তৃতা।

“মোৰ মায়ে মই এজন পাষ্টৰ (ধৰ্মযাজক) হোৱাটো বিচাৰিছিল। মই আকৌ এজন আইএএছ (IAS) বিষয়া হ’বলৈ চেষ্টা কৰিছিলোঁ। তাৰ পিছত, যিটো বছৰত মই IASৰ ফৰ্মখন পূৰণ কৰিছিলোঁ; সেই সময়তে ১৯৬৬ চনৰ ১ মাৰ্চত এমএনএফ (MNF)ৰ দ্বাৰা স্বাধীনতা ঘোষণাৰ ফলত মিজোৰামত অশান্তিৰ সৃষ্টি হৈছিল।

গতিকে, ভাৰত চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে, এমএনএফৰ পূৰ্বৰ এজন নিষ্ঠাৱান সদস্য হিচাপে মই সিদ্ধান্ত ল’লোঁ যে ভাৰত চৰকাৰৰ সেৱা কৰাৰ সলনি মই হাতত বন্দুক তুলি লৈ যুঁজিম আৰু মই আত্মগোপন কৰিলোঁ।

পাষ্টৰ হোৱাৰ পৰা আইএএছ বিষয়া, তাৰ পিছত আত্মগোপন— এইটো মোৰ বাবে অতি বিপৰীতমুখী এটা সিদ্ধান্ত আছিল, কিন্তু যেনে-তেনে এইখিনি পালোহি।

আৰু সেই ১৯৬৬ চনতেই মই বি.এ. (B.A.) পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। যিহেতু পৰীক্ষাটো এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু এমএনএফৰ স্বাধীনতা ঘোষণা ১৯৬৬ চনৰ ১ মাৰ্চত হৈছিল, অৰ্থাৎ আমাৰ পৰীক্ষাৰ ঠিক এমাহ আগতে।

আমি আমাৰ বন্ধুসকলৰ সৈতে একেলগে পোনপটীয়াকৈ আত্মগোপন কৰিবলৈ ওলাইছিলোঁ। কিন্তু আমাৰ নেতাসকলে ক’লে, ‘তোমালোকৰ পৰীক্ষালৈ আৰু মাত্ৰ এমাহ বাকী আছে। অনুগ্ৰহ কৰি পৰীক্ষাত বহা। তোমালোকে আত্মগোপন কৰিলেও আমাক কিন্তু ডিগ্ৰীটোৰ প্ৰয়োজন হ’ব।’

গতিকে, বৰ বিশেষ উৎসাহ নোহোৱাকৈয়ে যেনে-তেনে মই বি.এ. পৰীক্ষাত বহিলোঁ। আমি পৰীক্ষাত অৱতীৰ্ণ হ’লোঁ যদিও পাছ কৰিম নে নকৰিম তাক লৈ আমাৰ কোনো চিন্তা নাছিল। আমাৰ মন-মগজু ইতিমধ্যে হাবিত, আত্মগোপন কাৰ্যকলাপত আছিল। যেনে-তেনে আমি পৰীক্ষাটো সমাপ্ত কৰিলোঁ।

আত্মগোপন অৱস্থাত থাকোঁতে মণিপুৰৰ পৰা কোনোবা এজন আহি মোক ক’লে, ‘তুমি পৰীক্ষাত পাছ কৰিছা।’ এই কথাত মোৰ যথেষ্ট সন্দেহ হৈছিল, কাৰণ উত্তৰ বহীখনলৈ চাই মই নিজেই বিশ্বাস কৰিব পৰা নাছিলোঁ যে মই পাছ কৰিম। হয়তো মোৰ বহীখন নিৰীক্ষণ কৰা কোনোবা অলস অধ্যাপকে ভুলবশতঃ মোক বি.এ. পৰীক্ষাত পাছ কৰাই দিলে।

কিন্তু ১৯৬৬ চনৰ শেষৰ ফালে, গোপনে, মণিপুৰৰ আন মানুহ বা কলেজৰ কাৰো গম নোপোৱাকৈ মই অতি গোপনে ডি.এম. কলেজলৈ (D.M. College) গ’লোঁ। সকলোৱে বিশ্বাস কৰিছিল যে মই ঘৰলৈ উভতি গৈ মিজোৰামত শিক্ষকতা কৰি আছোঁ, মই কাহিনীটো তেনেকৈয়ে সজাই লৈছিলোঁ। তাৰ পিছত মই মোৰ পুৰণি ডি.এম. কলেজলৈ গৈ তাত মোৰ মাৰ্কশ্বীটখন পালোঁ আৰু অতি আশ্চৰ্যজনকভাৱে ময়ো পাছ কৰিছিলোঁ। মই সঁচাকৈয়ে বহুত সুখী হৈছিলোঁ।

অকল সেয়াই নহয়, সমগ্ৰ মণিপুৰৰ ভিতৰত ইংৰাজী মেজৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একমাত্ৰ ময়েই সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু সেই সময়ত, পাছ ক’ৰ্ছত— আপোনালোকে জানেই, সেই দিনবোৰত এনেকুৱা পাঠ্যক্ৰম আছিল যে পাছ ক’ৰ্ছত সাতখন আৰু অনাৰ্ছত আঠখন পেপাৰ আছিল। অনাৰ্ছৰ এখন পেপাৰত পাঁচখনকৈ উপন্যাস, পাঁচখন নাটক আৰু পঢ়িবলৈ বহুতো কিতাপ আছিল।

আৰু এটা আচৰিত কথা হ’ল, মই মোৰ কিতাপখনতো লিখিছোঁ, জন ৱেবষ্টাৰৰ নাটক ‘দ্য হোৱাইট ডেভিল’ (The White Devil) আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছিল। আমি আমাৰ অধ্যাপকক কৈছিলোঁ, ‘ছাৰ, অনুগ্ৰহ কৰি আমাক এই ‘হোৱাইট ডেভিল’ৰ কাহিনীটো অন্ততঃ কৈ দিয়ক। আমি কাহিনীটো নাজানো, কিতাপখনো দেখা নাই। যদি কোনোবা বাধ্যতামূলক প্ৰশ্ন আহে আমি কেনেকৈ উত্তৰ দিম?’ তেখেতে ক’লে, ‘ল’ৰাহঁত, মই নিজেও এই কিতাপখন দেখা নাই।’

আৰু পৰীক্ষাত এটা বাধ্যতামূলক প্ৰশ্ন আহিও পৰিল। ভগৱানক ধন্যবাদ যে ১৯৭২ চনত ইছলামাবাদ পাকিস্তান কাউন্সিল লাইব্ৰেৰীত মই সেই কিতাপখন দেখিবলৈ পালোঁ। সেয়া প্ৰায় কিমান বছৰৰ পিছত— প্ৰায় আঠ বছৰৰ পিছত। মোৰ মাৰ্কশ্বীট বা চাৰ্টিফিকেটৰ দৰেই কিতাপখন পোৱাতো বহুত পলম হৈছিল।

তাৰ পিছত, যেতিয়া মই সাধাৰণ জীৱনলৈ উভতি আহিলোঁ, মোৰ এজন সহপাঠী বন্ধু এইছ. ভি. লালৰিঙা, যি এজন আইএএছ বিষয়া আছিল আৰু মণিপুৰত সচিব হিচাপে কৰ্মৰত আছিল, মই তেওঁক অনুৰোধ কৰিলোঁ, ‘অন্ততঃ সংগ্ৰহালয়ত ৰখাৰ বাবে হ’লেও মোৰ চাৰ্টিফিকেটখন আনি দিয়াৰ চেষ্টা কৰা।’

তেওঁ ক’লে যে তেওঁ বহুত চেষ্টা কৰিছিল, কিন্তু ‘আপুনি যেতিয়া পৰীক্ষাত বহিছিল, তেতিয়া ডি.এম. কলেজ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল। কিন্তু আপুনি বহুত পলমকৈ বিচাৰিলে, এতিয়া আৰু ডি.এম. কলেজ হৈ থকা নাই, এতিয়া সেয়া ডি.এম. বিশ্ববিদ্যালয় হ’ল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতো নাই।’ কৰ্মচাৰীসকলে ক’লৈ যাব আৰু কি কৰিব একো ভাবি পোৱা নাছিল, আৰু দায়িত্বত থকা বিষয়াজনে ক’লে, ‘ইমান দশকৰ পিছত, ইমান পলমকৈ এই মানুহজনে নিজৰ চাৰ্টিফিকেটখন কিয় বিচাৰিছে?’ গতিকে তেওঁ একো বুজি পোৱা নাছিল আৰু আমি সম্পূৰ্ণৰূপে বিফল হ’লোঁ।

কিন্তু তাৰ পিছত অধ্যাপক লালতলুয়াংলিয়ানা খিয়াংতে আৰু তেওঁৰ বন্ধু আহিল। তেওঁলোক যেতিয়া আইজললৈ আহিল, মই এই আমোদজনক কাহিনীটো তেওঁলোকক ক’লোঁ আৰু দেখুৱালোঁ, ‘এইখন মোৰ মাৰ্কশ্বীট, এইখন মোৰ এডমিট কাৰ্ড।’ তেওঁলোকে সেইবোৰৰ ফটোষ্টেট লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক দিলে নে ক’ত দিলে মই নাজানো। পিছত তেওঁলোকে মোক ক’লে, ‘আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আপোনাৰ চাৰ্টিফিকেট প্ৰস্তুত কৰিবলৈ লৈছোঁ, যিহেতু আপুনি পৰীক্ষাত বহাৰ সময়ত সেয়াই সঠিক কৰ্তৃপক্ষ আছিল।’

এই কথা শুনি মই সঁচাকৈয়ে অভিভূত আৰু আচৰিত হৈ পৰিলোঁ। অৱশেষত, সেই অপাৰ প্ৰচেষ্টাৰ ফলত মই ৬০ বছৰৰ মূৰত মোৰ ডিগ্ৰীৰ চাৰ্টিফিকেটখন লাভ কৰিলোঁ।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ...

জেপিএছচি আৰু জেএছএছচি পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত চোৰেন চৰকাৰৰ জেপিএছচি (JPSC) আৰু...