২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ কৰা হৈছে। বুধবাৰে ইৰাকত থকা আমেৰিকাৰ অৱশিষ্ট সামৰিক ঘাটিসমূহৰ পৰাও সেনা আঁতৰাই নিয়া হয়। এই প্ৰত্যাহাৰক লৈ ইৰাকত ব্যাপক সমৰ্থন দেখা গৈছে যদিও দেশখনত নিৰাপত্তাৰ শূন্য হোৱাৰ আশংকাই দেখা দিছে।
বিশেষকৈ ইৰান-সমৰ্থিত শ্বিয়া মিলিচিয়া গোটসমূহ অধিক শক্তিশালী হোৱাৰ লগতে ইছলামিক ষ্টেট বা আইছিছে পুনৰ সংগঠিত হোৱাৰ সুযোগ পাব পাৰে বুলি আশংকা কৰা হৈছে।
২০০৩ চনত আমেৰিকাৰ নেতৃত্বত মিত্ৰ বাহিনীয়ে ইৰাক আক্ৰমণ কৰি ছাদ্দাম হুছেইনক ক্ষমতাচ্যুত কৰিছিল। ইয়াৰ পিছত দেশখনত দীৰ্ঘদিন ধৰি হিংসা আৰু অস্থিৰতা চলি থাকে। ২০১১ চনত আমেৰিকান সেনাই ইৰাকৰ পৰা প্ৰত্যাহাৰ কৰিছিল যদিও ২০১৪ চনত ইছলামিক ষ্টেটৰ উত্থানৰ পিছত পুনৰ ইৰাকলৈ উভতি আহিছিল।
২০১৪ৰ পৰা ২০১৭ চনলৈ ইছলামিক ষ্টেটৰ বিৰুদ্ধে চলা যুদ্ধত আমেৰিকান সেনাই ইৰাকী নিৰাপত্তা বাহিনীক চোৰাংচোৱা তথ্য, আকাশী নিৰীক্ষণ আৰু সামৰিক সহায় আগবঢ়াইছিল। দুটা দশকৰো অধিক সময় ধৰি চলা ইৰাক যুদ্ধত প্ৰায় ৪,৫০০জন আমেৰিকান সেনা নিহত হৈছে।
ইফালে, আমেৰিকান সেনাৰ প্ৰস্থানক ইৰানে নিজৰ বাবে এক সফলতা হিচাপে অভিহিত কৰিছে। ইৰানৰ সমৰ্থিত সশস্ত্ৰ গোটসমূহে আমেৰিকান সেনাৰ অনুপস্থিতিত ইৰাকত নিজৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।
বাগদাদৰ ৰাজনৈতিক বিশ্লেষক আহমেদ ইউনিছে কয় যে পশ্চিমীয়া সামৰিক উপস্থিতি নথকাৰ সুযোগত ইৰান-সমৰ্থিত গোটসমূহ অধিক শক্তিশালী হ’ব পাৰে আৰু চৰকাৰী নীতি তথা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত নিজৰ প্ৰভাৱ বৃদ্ধি কৰাৰ চেষ্টা কৰিব পাৰে।
ইফালে, ইৰাকী নিৰাপত্তা বিষয়াসকলে ইছলামিক ষ্টেটৰ পুনৰ উত্থানক লৈও উদ্বেগ প্ৰকাশ কৰিছে। যদিও প্ৰায় এটা দশক পূৰ্বে সংগঠনটোৰ স্বঘোষিত খিলাফত পৰাজিত হৈছিল, তথাপি ইছলামিক ষ্টেটৰ গোপন সক্ৰিয় কোষ এতিয়াও দেশখনত থকা বুলি নিৰাপত্তা বিষয়াসকলে দাবী কৰিছে।
অৱসৰপ্ৰাপ্ত ইৰাকী সেনা জেনেৰেল মহম্মদ আল-জুবুৰীয়ে কয় যে আমেৰিকাৰ নেতৃত্বাধীন মিত্ৰ বাহিনী নথকা পৰৱৰ্তী সময়ৰ বাবে ইৰাকৰ নিৰাপত্তা বাহিনীৰ হাতত পৰ্যাপ্ত বিকল্প পৰিকল্পনা আছে নে নাই, সেয়াই এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন।
বিশেষজ্ঞসকলে আশংকা কৰিছে যে ইছলামিক ষ্টেটে যদি সশস্ত্ৰ বা বিস্ফোৰক কঢ়িয়াই নিব পৰা ড্ৰোন লাভ কৰে, তেন্তে ইৰাকৰ সীমিত আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে নতুন নিৰাপত্তা সংকটৰ সৃষ্টি হ’ব পাৰে।
