নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ তদন্ত অব্যাহত, নিমিষা হত্যাকাণ্ডৰে নাম সাঙুৰ খোৱা মিটু আলীক ৪ দিনৰ আৰক্ষী জিম্মালৈ

নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হোমষ্টেৰ কৰ্মচাৰী মিটু আলীক ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। তথ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগত মঙলবাৰে মিটু আলীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

CJM আদালতে আৰক্ষীৰ আবেদনৰ ভিত্তিত মিটুক ৪ দিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে। উল্লেখ্য যে নিমিষাৰ মৃতদেহ উদ্ধাৰ হোৱা ‘ৰুদ্ৰজ কিটচেন হোমষ্টে’ৰ কৰ্মচাৰী আছিল মিটু। গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে তেওঁক কেইবাদিনো সোধা-পোছা কৰিছিল।

ইফালে, নিমিষা ঠাকুৰীয়াৰ মৃত্যুক কেন্দ্ৰ কৰি তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে ইটোৰ পিছত সিটো নতুন তথ্য। ঘটনাটোৰ সৈতে নাম সাঙোৰ খোৱা ৰূপম শইকীয়াকো আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীৰ তদন্ত অনুসৰি, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বাজি ১৯ মিনিটত ধাৰাপুৰৰ নিমিষা ঠাকুৰীয়া আৰু তেওঁৰ প্ৰেমিক আছিক আলী গড়লৰ ‘ৰুদ্ৰজ কিটচেন হোমষ্টে’ত প্ৰৱেশ কৰিছিল। দুয়োৰে হাতত সুৰাৰ বটল আছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।

প্ৰায় নিশা ৯ বজাত আছিক হোমষ্টেৰ পৰা ওলাই গৈছিল। কিছু সময়ৰ পাছত এখন দোকানৰ পৰা সুৰা ক্ৰয় কৰি তেওঁ পুনৰ হোমষ্টেলৈ উভতি আহে। সেই সময়তে হোমষ্টেলৈ শদিলাপুৰ-বেজপাৰাৰ যুৱক ৰূপম শইকীয়া অহা বুলি আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে।

ইয়াৰ পাছত ৰূপম আৰু আছিক দুয়ো একেলগে হোমষ্টেৰ পৰা ওলাই যায়। আজাৰাৰ ‘নিৰ্বাণা’ সুৰা বিপণীৰ পৰা দুয়োৱে সুৰা ক্ৰয় কৰে। তাৰ পাছত পুনৰ হোমষ্টেলৈ উভতি আহি নিমিষাৰ সৈতে সুৰাপান কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

আনহাতে, ৰূপমৰ পৰিয়ালৰ ভাষ্য অনুসৰি, ঘটনাৰ নিশা প্ৰায় ৭ বজাত ৰূপম ঘৰৰ পৰা ওলাই গৈছিল। নিশা প্ৰায় ১০ বজাত তেওঁ সুৰাসক্ত অৱস্থাত ঘৰলৈ উভতি আহিছিল। সেইদিনা এগৰাকী আত্মীয়ৰ মৃত্যু হোৱা বাবে নিশাই ৰূপম মিৰ্জালৈ যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

পিছদিনা ঘৰলৈ উভতি অহাৰ পাছতহে ৰূপমে নিমিষাৰ মৃত্যুৰ বিষয়ে জানিব পাৰিছিল বুলি পৰিয়ালৰ দাবী। ইয়াৰ পাছৰে পৰা ৰূপমে আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক আটক কৰে।

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত DCP বলীন দেউৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে, তদন্ত সঠিক দিশত আগবাঢ়িছে। ঘটনাৰে জড়িত অভিযুক্তসকলক আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে আৰু ঘটনাৰ সৈতে জড়িত সকলোকে তদন্তৰ আওতালৈ অনা হ’ব। তদন্তৰ সময়ত ড্ৰাগছ সম্পৰ্কীয় কোনো তথ্য লাভ কৰিলে সেই দিশতো তদন্ত কৰা হ’ব বুলি DCPগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে, নিয়ম-নীতি উলংঘা কৰাৰ অভিযোগত নিমিষাৰ মৃতদেহ উদ্ধাৰ হোৱা ‘ৰুদ্ৰজ কিটচেন হোমষ্টে’ ছীল কৰিছে প্ৰশাসনে। হোমষ্টেখনৰ নিয়ম পালন নকৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

নিমিষাৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অধিক গভীৰ হোৱাৰ লগে লগে হোমষ্টেত সেই নিশা প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে মিটু আলী, ৰূপম শইকীয়া আৰু ঘটনাৰ সৈতে জড়িত আন ব্যক্তিসকলক সোধা-পোছা কৰি ঘটনাৰ সম্পূৰ্ণ ছবি স্পষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: পৰেশ বৈশ্যৰ জামিন শুনানি অসম্পূৰ্ণ, ১৫ অক্টোবৰলৈ স্থগিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ...

আই ফোন কিনিবলৈ বেচি দিলে সন্তানক; জন্ম দিয়া সন্তানতকৈ মূল্যবান নেকি এটা আইফোন?

সোণৰ গহনা, iPhone-ৰ শেহতীয়া মডেলকে ধৰি বিভিন্ন দামী সামগ্ৰী...