ৰাজ্যৰ চৰকাৰী চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত MBBS আৰু BDS পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি কৰিছে অসম চৰকাৰে। নতুন নিৰ্ধাৰিত মাচুল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জনৰ ওপৰত ভিত্তি কৰি প্ৰযোজ্য হ’ব।
নতুন নিৰ্দেশনা অনুসৰি, চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাৰ্ষিক মাচুল ১ লাখ টকা আৰু চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ত BDS পাঠ্যক্ৰমৰ বাৰ্ষিক মাচুল ৭৫ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে।
অৱশ্যে সকলো শিক্ষাৰ্থীয়ে সম্পূৰ্ণ মাচুল পৰিশোধ কৰিব নালাগিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জনৰ ভিত্তিত মাচুলৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ব। বাৰ্ষিক ৪ লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ শিক্ষাৰ্থীয়ে নিৰ্ধাৰিত মাচুলৰ মাত্ৰ ৫ শতাংশ পৰিশোধ কৰিব লাগিব। অৰ্থাৎ, নতুন নিয়ম অনুসৰি MBBSৰ ক্ষেত্ৰত ১ লাখ টকাৰ ৫ শতাংশ হিচাপে যোগ্য শিক্ষাৰ্থীয়ে বছৰি ৫ হাজাৰ টকা আৰু BDSৰ ক্ষেত্ৰত ৭৫ হাজাৰ টকাৰ ৫ শতাংশ হিচাপে ৩,৭৫০ টকা মাচুল দিব লাগিব।
শিক্ষাৰ্থীসকলৰ বাবে মাচুলৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থাও ৰখা হৈছে। বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়ৰ অধ্যক্ষই শিক্ষাৰ্থীৰ মাচুলৰ ৫০ শতাংশ পৰ্যন্ত ৰেহাই দিব পাৰিব। ইয়াৰ ফলত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ ওপৰত মাচুল বৃদ্ধিৰ সম্পূৰ্ণ বোজা নপৰে বুলি ধাৰণা কৰা হৈছে।
নতুন মাচুলৰ কাঠামো চৰকাৰী চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়সমূহৰ বাবে প্ৰযোজ্য হ’ব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জনৰ ভিত্তিত মাচুল নিৰ্ধাৰণৰ ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ আৰ্থিক সামৰ্থ্য অনুসৰি মাচুল পৰিশোধৰ সুযোগ প্ৰদান কৰিব।
