চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰা সন্দৰ্ভত প্ৰকাশিত বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বিদ্যালয়লৈ কোনো লোকৰ প্ৰৱেশত বাধা আৰোপ কৰি শিক্ষা বিভাগে কোনো নিৰ্দেশনা জাৰি কৰা নাই।
সমগ্ৰ শিক্ষা, অসমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ সংবাদ মাধ্যমত বিদ্যালয় পৰিদৰ্শনক লৈ প্ৰকাশিত কিছু বাতৰি সত্য নহয়। সামাজিক মাধ্যমতো এই সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীৰ মতে, অভিভাৱক আৰু নাগৰিকে বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা সন্দৰ্ভত গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। কিন্তু বিদ্যালয়ৰ পাঠদানত যাতে কোনো ধৰণৰ ব্যাঘাত নঘটে, সেই বিষয়টো সকলোৱে গুৰুত্ব দিব লাগিব। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে।
ইফালে, বিদ্যালয়ত প্ৰৱেশ সন্দৰ্ভত WhatsApp গ্ৰুপৰ পৰা নিৰ্দেশনা ভাইৰেল হোৱা ঘটনাক লৈ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ কোনো নিৰ্দেশনা নথকাৰ পাছতো দুটা WhatsApp গ্ৰুপৰ পৰা এনে বাৰ্তা প্ৰচাৰ কৰা হৈছিল। চৰকাৰী পৰিচয় ব্যৱহাৰ কৰি অ’ফিচিয়েল গ্ৰুপত বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ দুগৰাকী CRCCক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। জালুকবাৰীৰ নুৰুল হুছেইন আৰু গড়লৰ ছাবেদ আলীক ২৪ ঘণ্টাৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।
ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়ত এতিয়াও বাউণ্ডেৰী ৱাল আৰু গেট নথকাৰ বিষয়টোও সংবাদমেলত উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগে বিদ্যালয়সমূহত বাউণ্ডেৰী ৱাল নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।
বিদ্যালয় একত্ৰীকৰণৰ পাছত বহু পুৰণি বিদ্যালয়ৰ চৌহদ পৰিত্যক্ত অৱস্থাত থকাৰ কথাও তেওঁ উল্লেখ কৰে। এনে পুৰণি বিদ্যালয়ৰ চৌহদৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
আগন্তুক চাৰে চাৰি বছৰত ৰাজ্যত প্ৰায় ৫০০খন বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ লগতে স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো নতুন পদক্ষেপ গ্ৰহণ কৰা হ’ব। বিষয়ভিত্তিকভাৱে স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিয়া হ’ব আৰু ইয়াৰ বাবে শীঘ্ৰে SOP (Standard Operating Procedure) প্ৰকাশ কৰা হ’ব বুলি ৰণোজ পেগুৱে জানিবলৈ দিয়ে।
মন্ত্ৰীগৰাকীয়ে পুনৰ স্পষ্ট কৰি দিয়ে যে চৰকাৰী বিদ্যালয়ত কোনো ব্যক্তিৰ প্ৰৱেশত শিক্ষা বিভাগে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। অৱশ্যে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু পাঠদান যাতে ব্যাহত নহয়, তাৰ প্ৰতি সকলোৱে দায়িত্বশীল হোৱা উচিত বুলি তেওঁ উল্লেখ কৰে।
