ভাৰত-ইউএইৰ দ্বিপাক্ষিক বাণিজ্যই অতিক্ৰম কৰিলে ১০০ বিলিয়ন ডলাৰৰ সীমা; পশ্চিম এছিয়াৰ সংকট সমাধানত কূটনৈতিক আলোচনাৰ আহ্বান এছ জয়শংকৰৰ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ (ইউএই) মাজৰ দ্বিপাক্ষিক বাণিজ্যই ১০০ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি, দুয়োখন দেশৰ মাজত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA) স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা দ্বিপাক্ষিক বাণিজ্যই এই উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে।

মুম্বাইত ইউএইৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেইখ আব্দুল্লাহ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাই ড০ জয়শংকৰে কয় যে, দীৰ্ঘদিনীয়া সহযোগিতা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ভাৰত-ইউএইৰ সম্পৰ্কই এক বিস্তৃত কৌশলগত অংশীদাৰিত্ব হিচাপে নিজৰ সম্ভাৱনা বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগতে কয় যে, বিশ্বজুৰি অৰ্থনৈতিক প্ৰতিকূলতা আৰু আঞ্চলিক প্ৰত্যাহ্বানৰ মাজতো দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বই নতুন নতুন মাইলৰ খুঁটি স্থাপন কৰি আহিছে। দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিনিয়োগ বৃদ্ধিয়ে পৰস্পৰৰ অৰ্থনীতিৰ প্ৰতি ব্যৱসায়িক মহলৰ আস্থা প্ৰতিফলিত কৰিছে। একেদৰে প্ৰতিৰক্ষা, শক্তি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাই কৌশলগত ৰূপ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, উপসাগৰীয় অঞ্চলৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সংকট সমাধানৰ বাবে আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বাণিজ্য, শক্তি আৰু সাৰৰ সৰবৰাহ যাতে মুক্ত, নিৰাপদ আৰু বাধাহীনভাৱে অব্যাহত থাকে, তাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দোহাৰে।

ইয়াৰ লগতে ইউএইত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে দেশখনৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে ড০ এছ জয়শংকৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি, বায়ুৰ গুণগত মানৰ অৱনতি; AQI ২২৭লৈ উন্নীত

ৰাজধানী দিল্লীত চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বায়ুৰ গুণগত মান...

বিজয়া দশমীৰ আনন্দৰ মাজতে ৰাজ্যত ২টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৩ যুৱক, গুৰুতৰভাৱে আহত ২জন

দেৰগাঁও আৰু ছিপাঝাৰ, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত...