দিল্লী আৰক্ষীয়ে কক্ৰোচ জনতা পাৰ্টি (CJP)ৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ বিৰুদ্ধে ৰুজু হোৱা আন এটা গোচৰ মঙলবাৰে ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ ফলত নেতাদ্বয়ৰ বিৰুদ্ধে ৰুজু হোৱা দুয়োটা গোচৰৰ তদন্তৰ দায়িত্ব এতিয়া ক্ৰাইম ব্ৰাঞ্চে লাভ কৰিছে। ইয়াৰ পূৰ্বে, যন্তৰ-মন্তৰ এলেকাত প্ৰৱেশ কৰাৰ অভিযোগৰ সৈতে জড়িত আনটো গোচৰ সোমবাৰে ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছিল।
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ১৩ অক্টোবৰত সৌৰভ দাস, আশুতোষ ৰাংকা, অজিংক্য শিণ্ডে আৰু কক্ৰোচ জনতা পাৰ্টিৰ (CJP) আন ১১গৰাকী সদস্যই ব্যক্তিগত চৌহদৰ মাজেৰে অনুমতি অবিহনে প্ৰৱেশ কৰি যন্তৰ-মন্তৰত উপস্থিত হৈছিল। উল্লেখ্য যে, যন্তৰ-মন্তৰক নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ মৰ্যাদাৰ পৰা আঁতৰোৱা হৈছে।
ঘটনাস্থলীত নিয়োজিত আৰক্ষীৰ লোকসকলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। পৰৱৰ্তী সময়ত ১৪গৰাকী লোককে আটক কৰা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে দুটাকৈ গোচৰ (FIR) পঞ্জীয়ন কৰা হয়।
শান্তি-শৃংখলা বজাই ৰখাৰ বাবে দিয়া বণ্ড উলংঘা কৰাৰ অভিযোগত ১৪ অক্টোবৰত বিশেষ কাৰ্যবাহী দণ্ডাধীশে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। সোমবাৰে তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ দুদিনলৈ বৃদ্ধি কৰা হয়। এতিয়া গোচৰ দুটাৰ তদন্ত ক্ৰাইম ব্ৰাঞ্চে আগবঢ়াব।
