বৰ্তমানৰ পৃথিৱীত কিমান অকলশৰীয়া মানুহ! নিসংগ মানুহে মানুহৰ সংগ পাবলৈ কি কৰিব নোৱাৰে? বৃদ্ধ হ’লেই অকলশৰীয়া হৈ পৰে নেকি মানুহ? আজি আমি আপোনাক যি খবৰ দিবলৈ গৈ আছো সেই খবৰে হতবাক কৰিব আপোনাকো।
পুত্ৰ-বোৱাৰীক কাষত পাবলৈ বৃদ্ধাই ৰচিলে এখন নাটক। ৯ মাহ ১০ দিন গৰ্ভত ৰাখি ডাঙৰ কৰা পুত্ৰৰ এষাৰ মাত, অলপ মৰমৰ বাবেই ডকাইতিৰ নাটক ৰচনা কৰিবলগা হ’ল এগৰাকী মাতৃয়ে। নি:সংগতাৰ চূড়ান্ত ৰূপ এইখন অসমত।
টকা-পইচা, ঘৰ-বাৰী, মাটি-সম্পত্তি, বাইক-গাড়ীয়েই সমৃদ্ধ কৰিব পাৰেনে মানুহক? খ্যাতি নাইবা প্ৰতিষ্ঠাতেই শেষ হৈ যায়নে মানুহৰ প্ৰয়োজন? আপোনাৰ-মোৰ কাষত অজস্ৰ মানুহ। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শুই পৰালৈকে বহুতৰ লগত আপুনি হয়তো কথা পাতিছে। বহুতৰ লগত আপুনি হয়তো পাৰ কৰিছে আবেলিৰ বেলি। ধৰি লওক, আপোনাৰ ম’বাইলত প্ৰায় ৯০০টা নম্বৰ ছেভ হৈ আছে। আপোনাৰ হোৱাটছএপৰ ষ্টেটাছ চাই প্ৰায় ৭০০মান মানুহে। যদি আপোনাক মই প্ৰশ্ন কৰো, বিচাৰিলেই আপোনাৰ কাষত পাব পৰাকৈ মানুহ কিমান? কি হ’ব আপোনাৰ উত্তৰ? থাকক…
সলনি হোৱা সময়, সলনি হোৱা কেলেণ্ডাৰৰ পৃষ্ঠাৰ সৈতে সলনি হ’ল মানুহৰ জীৱন ধাৰণৰ প্ৰণালী। আগৰ সেই যৌথ পৰিয়াল এতিয়া আৰু দেখা নাযায় গাঁওবোৰত। ম’বাইল আহিল, ফেচবুক আহিল, টুইটাৰ আহিল। আমি ক্ৰমাৎ আধুনিক হ’লো। কিন্তু আধুনিক হ’বলৈ গৈ আমি বাৰু ক’ৰবাত সকলো হেৰুৱাই পেলাইছো নেকি? আমি বাৰু ক’ৰবাত আঁতৰি আহিছো নেকি আপোন মানুহবোৰৰ পৰা? হেৰাই গৈছে নেকি আৱেগ-অনুভূতি কিম্বা ভাললগা-বেয়ালগা? কিয় বাঢ়িছে নি:সংগতা? যোৰহাটৰ এক ঘটনাই উদঙালে বৰ্তমানৰ সমাজ ব্যৱস্থাৰ দুখ লগা ৰূপটো।
ঘটনা ২ জুনৰ। এগৰাকী বৃদ্ধাই তেওঁৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। পিষ্টল দেখুৱাই ডকাইতে লুটপাত চলোৱাৰো অভিযোগ উত্থাপন কৰিছিল বৃদ্ধাগৰাকীয়ে। ঘটনাক লৈ হাহাকাৰ লাগিল যোৰহাটত। বাতৰি সম্প্ৰচাৰ হ’ল সংবাদ মাধ্যমত। দিন-ৰাতি একাকাৰ কৰি আৰক্ষীয়েও আৰম্ভ কৰিলে ঘটনাৰ তদন্ত। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য। বৃদ্ধাগৰাকীয়ে বাস কৰা দুমহলীয়া ঘৰটোত হোৱা নাছিল কোনো ডকাইতিৰ ঘটনা। বৃদ্ধাগৰাকীৰ পুত্ৰ-বোৱাৰী আছিল ভাড়াঘৰত। দুমহলীয়া ঘৰটোত অকলে বাস কৰিছিল বৃদ্ধাগৰাকীয়ে। ভাললগা-বেয়ালগাৰ কথাবোৰ ক’বলৈ কোনোৱেই নাছিল কাষত। দিনটোৰ শেষত কাৰোবাৰ সৈতে কথা পাতিবলৈ বিচাৰি হাহাকাৰ কৰিবলগা হৈছিল বৃদ্ধাগৰাকীয়ে। একাকিত্বই খুলি খুলি খাইছিল। আন বহুতৰ দৰেই তেওঁ হয়তো শেষ হৈ যাব বিচৰা নাছিল! সেইবাবেই সম্পৰ্কীয় এগৰাকী মহিলাৰ সৈতে মিলি বৃদ্ধাগৰাকীয়ে ৰচিছিল ডকাইতিৰ নাটক।
এতিয়া আমি কাক দোষাৰোপ কৰিম? সময়, সমাজ নে আধুনিকতা? কিয় নিসংগ হৈছে মানুহ? কিয় বাৰে বাৰে সংঘটিত হৈছে এনে ঘটনা? আৱেগবিহ্বল অসমীয়াৰ লাহে লাহে নোহোৱা হৈছে নেকি আৱেগ? কিয় বৃদ্ধি পাইছে বৃদ্ধাশ্ৰমৰ সংখ্যা? বৃদ্ধাশ্ৰম লাগিব, কিন্তু যাৰ পুত্ৰ-বোৱাৰী, জীয়ৰী আছে, বোৱাৰী আছে তেনে লোকৰ শেষ আশ্ৰয়স্থল কিয় হয়গৈ বৃদ্ধাশ্ৰম?
শুৱালকুছিতো কিছুদিন পূৰ্বে সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা। এগৰাকী বৃদ্ধা। বৃদ্ধাগৰাকীৰ জীয়ৰী তিনিগৰাকী। স্বামীহাৰা বৃদ্ধাগৰাকী শিপিনী হিচাপে কৰ্মৰত আছিল। শুৱালকুছিৰ ভাড়াঘৰতে থাকি সৰুৰে পৰা তালি-তুলি ডাঙৰ কৰিছিল তিনিওগৰাকী জীয়ৰীক। কিন্তু জীৱনৰ বিয়লি বেলাত বৃদ্ধাগৰাকীৰ সৈতে যি ঘটনা ঘটিল সেই ঘটনাই আপোনাৰো দুচকু সেমেকাই তুলিব। অসুস্থ বৃদ্ধা মাতৃক তিনি জীয়ৰীৰ এগৰাকীয়েও ৰাখিব নিবিচাৰে। সেয়ে গুৱাহাটীৰ ৰাজপথত এৰি থৈ গ’ল তিনি জীয়ৰীয়ে। মহানগৰীৰ ৰাজপথত অসহায় হৈ পৰি থকা বৃদ্ধাগৰাকীক মহানগৰ আৰক্ষীয়ে পৰৱৰ্তী সময়ত চমজাই দিয়ে শুৱালকুছি আৰক্ষীক। ইয়াৰ পিছতে জীয়ৰীকেইগৰাকীয়ে অসুস্থ মাতৃক লগত ৰাখিব নিবিচৰাত শুৱালকুছি আৰক্ষীয়ে পাতিবলগা হ’ল এখন লটাৰী। লটাৰী অনুসৰি প্ৰতিগৰাকী জীয়ৰীৰ ঘৰতে এসপ্তাহকৈ থাকিব বৃদ্ধাগৰাকী।
কিয় এনেকুৱা হৈছে? স্বাভাৱিকতেই এইসমূহ ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সংবেদনশীল সকলো লোককে জোকাৰি গৈছে এই ঘটনাই। প্ৰথম হোৱাৰ অঘোষিত দৌৰত দৌৰি দৌৰি আমি বাৰু ক’ৰবাত অতি আত্মকেন্দ্ৰিক হৈ পৰিছো নেকি? এইসমূহ ঘটনাই কি সূচায়? পৃথিৱীৰ অসুখ নে সমাজৰ কিবা এটা হৈছে? কথাবোৰ কঠিন, স্পৰ্শকাতৰ। হয়তো হীৰুদাই কৈ যোৱাৰ দৰেই
‘ৰিংটো মাৰি কাকোৱেই নোপোৱা
অথচ সকলো ওচৰ…’
ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ
