ডুবাইৰ দুৰ্ঘটনাত ৯জনকৈ লোকৰ মৃত্যু, নিহতসকলৰ ভিতৰত আছে কেইবাজনো ভাৰতীয়

ডুবাইৰ এমিৰেটছ ৰোডত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। পথৰ মাজত ৰৈ থকা এখন ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা এখন মিনিবাছৰ। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৭জনকৈ লোকে। নিহতসকলৰ ভিতৰত কেইবাজনো ভাৰতীয় শ্ৰমিক থকাৰ তথ্য পোৱা গৈছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৯জনকৈ লোক। ইয়াৰে ৫জনৰ অৱস্থা সংকটজনক। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰাথমিক তদন্ত অনুসৰি, যান্ত্ৰিক বিজুতিৰ বাবে ৰাস্তাৰ মাজত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে শ্ৰমিক কঢ়িওৱা মিনিবাছখনে। ডুবাইস্থিত ভাৰতীয় দূতাবাসে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। লগতে আহত আৰু নিহতৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ কথা জানিবলৈ দিছে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সঘনাই ৰক্তদান কৰিলে আপোনাৰ শৰীৰত কি ঘটে? ৰক্তদানে আপোনাক সময়ৰ লগে লগে দুৰ্বল কৰি পেলাই নেকি?

ৰক্তদানক সাধাৰণতে মুমূৰ্ষু ৰোগীৰ প্ৰাণ ৰক্ষা কৰাৰ এক মহান...

বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস; ১৯ কেজি ওজনৰ চিলিণ্ডাৰত ১৮৩.৫০ টকা হ্ৰাস

বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকসকলৰ বাবে এক ডাঙৰ সকাহ দি...

৩ দিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ’ব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি; অংশ ল’ব ১৬সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত

জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে আজি সন্ধিয়া তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত...