ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন জনাইছে ৰাছিয়াই। ৮১সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ পোষকতা কৰি ভাৰত আৰু ব্ৰাজিলৰ স্থায়ী সদস্যপদৰ দাবীৰ প্ৰতি মস্কোৰ সমৰ্থন প্ৰকাশ কৰে।
লাভৰভে অৱশ্যে জাৰ্মানী আৰু জাপানক নতুন স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰে। তেওঁৰ মতে, নিৰাপত্তা পৰিষদৰ সংস্কাৰত পশ্চিমীয়া দেশৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ পৰিৱৰ্তে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ প্ৰতিনিধিত্ব অধিক গুৰুত্ব পাব লাগে।
ৰাছিয়াৰ এই স্থিতিয়ে ভাৰতৰ দীৰ্ঘদিনীয়া UNSC সংস্কাৰ আৰু স্থায়ী সদস্যপদৰ দাবীক পুনৰ আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ কেন্দ্ৰলৈ আনিছে। একে সময়তে মৰিছাছেও ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক সমৰ্থন জনাইছে।
বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ১৫খন দেশ আছে—পাঁচখন স্থায়ী সদস্য আৰু ১০খন অস্থায়ী সদস্য। স্থায়ী সদস্যপদৰ সংস্কাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত সংশোধন প্ৰয়োজন, যাৰ বাবে সাধাৰণ সভাৰ দুই-তৃতীয়াংশ সমৰ্থন আৰু সদস্য ৰাষ্ট্ৰসমূহৰ অনুমোদনৰ লগতে পাঁচ স্থায়ী সদস্যৰ অনুমোদনো প্ৰয়োজন।
