অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া ধৰ্মঘটৰ ফলত বেংকৰ শাখাভিত্তিক সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা। পাঁচদিনীয়া বেংকিং সপ্তাহ, পেঞ্চনকে ধৰি বিভিন্ন দাবীৰে United Forum of Bank Unions (UFBU)-এ এই ধৰ্মঘটৰ আহ্বান জনাইছে।

ধৰ্মঘটৰ সময়ত শাখাত নগদ ধন জমা-উলিওৱা, পাছবুক আপডেট, চেক প্ৰচেছিং, ডিমাণ্ড ড্ৰাফ্ট, KYC, ঋণৰ কাম আৰু লকাৰ সেৱাৰ দৰে কামত বাধা আহিব পাৰে। অৱশ্যে UPI, মোবাইল-ইণ্টাৰনেট বেংকিং আৰু ATM সেৱা সাধাৰণভাৱে চলি থকাৰ সম্ভাৱনা।

দেওবাৰে কিয় খোলা বেংক?

তিনিদিনীয়া ধৰ্মঘটৰ পূৰ্বে গ্ৰাহকক জৰুৰী বেংকিং কাম সম্পূৰ্ণ কৰাৰ সুযোগ দিবলৈ ২৭ ছেপ্টেম্বৰৰ দেওবাৰে ৰাজহুৱা খণ্ডৰ বেংক আৰু Regional Rural Bankসমূহ খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। বিশেষকৈ ৩০ ছেপ্টেম্বৰৰ অৰ্ধবাৰ্ষিক বিত্তীয় সমাপ্তিৰ প্ৰতি লক্ষ্য ৰাখিও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...