দেশৰ ৰে’লৱে মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল মিজোৰাম

দেশৰ ৰে’লৱে মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল মিজোৰাম। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বৈৰবী–ছাইৰাং ৰে’লপথ। ইয়াৰ লগে লগে দেশৰ আন অংশৰ সৈতে ৰে’লপথেৰে সংযুক্ত হ’ল মিজোৰামৰ ৰাজধানী আইজল। প্ৰতিকূল বতৰৰ বাবে শনিবাৰে পুৱা আইজল বিমানবন্দৰৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰে এই ৰে’লপথ। আইজলৰ পৰাই বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ একাংশ ৰাজনৈতিক দলে কেৱল ভোট বেংকৰ বাবে ৰাজনীতি কৰি আহিছে। এই ৰাজনৈতিক দলসমূহৰ এনে মনোভাৱৰ বাবে মিজোৰামকে ধৰি উত্তৰ–পূৰ্বাঞ্চলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এই বৈৰবী–ছাইৰাং ৰে’লৱেৰ প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে ৮ হাজাৰ ৭০ কোটি টকা। এই ৰে’লপথছোৱাত আছে ৪৫টা সুৰংগ আৰু ১৪২খন সেতু। কুটুবমিনাৰতকৈও ওখ ছাইৰাঙৰ কাষৰীয়া ১৪৪নং সেতুখনৰ উচ্চতা ১১৪ মিটাৰ। দেশৰ ভিতৰতে সৰ্বাধিক উচ্চতাৰ ৰে’লৱে দলং এয়া। অসম–মিজোৰাম সীমান্তৰ বৈৰবীৰ পৰা ছাইৰাঙলৈ বিস্তৃত এই ব্ৰডগজ ৰে’লপথছোৱাৰ মুঠ দৈৰ্ঘ ৫১.৩৮ কিলোমিটাৰ। এই ৰে’লপথছোৱাৰ শুভাৰম্ভণিৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিখনকৈ নতুন ৰে’লৰ সেৱাও মুকলি কৰে। ছাইৰাং–দিল্লীৰ মাজত ৰাজধানী এক্সপ্ৰেছৰ উপৰি ছাইৰাঙৰ পৰা গুৱাহাটীলৈ আৰু ছাইৰাঙৰ পৰ কলকাতালৈ যাত্ৰীবাহী ৰে’লৰ ফ্লেগ অব কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ছাইৰাং–দিল্লীৰ মাজত ৰাজধানী এক্সপ্ৰেছ সপ্তাহত এবাৰকৈ, ছাইৰাং–গুৱাহাটীৰ মাজত দৈনিক আৰু ছাইৰাং–কলকাতাৰ মাজত সপ্তাহত ৩দিনকৈ চলিব এই যাত্ৰীবাহী ৰে’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...