ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী বাছৰ খুন্দাত নিহত যুৱক

ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটাৰ হাউলীত তীব্ৰেবেগী বাছৰ খুন্দাত থিতাতে নিহত এজন যুৱক। নিহত যুৱকজন হাউলী গাঁৱৰ অভিজিৎ নাথ। বন্ধুৰ সৈতে বাইকেৰে গৈ থকা অৱস্থাতে বাইকসহ দুয়োজন যুৱককে মহতিয়াই নিয়ে বাছখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন যুৱক। ঘটনাৰ পিছতে যুৱকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনে। ঘটনাৰ পিছতে চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...