ৰামায়ণৰ কাহিনীয়ে যুগ যুগ ধৰি সংযোগ কৰি আহিছে ভাৰত আৰু নেপালৰ সাংস্কৃতিক সম্পৰ্ক। এই সম্পৰ্কক এইবাৰ অধিক দৃঢ় কৰাৰ দিশে আগবাঢ়িল দুয়োখন দেশ। অযোধ্যাৰ পৰা নেপালৰ জনকপুৰ ধামলৈ আৰম্ভ হ’ল পোনপটীয়া ৰে’ল সেৱা ‘সৰযূ-কমলা এক্সপ্ৰেছ’। প্ৰায় ৬০৪ কিলোমিটাৰৰ এই ৰে’ল যাত্ৰাই কেৱল দুটা ধৰ্মীয় স্থানকে সংযোগ কৰা নাই, বৰং দুয়োখন দেশৰ মাজত তীৰ্থযাত্ৰা, পৰ্যটন আৰু জনসাধাৰণৰ সম্পৰ্কৰ নতুন সম্ভাৱনাও মুকলি কৰিছে।
দুটা ভূখণ্ড, দুখন দেশ, কিন্তু ঐতিহ্যৰ সূত্ৰ এডাল। ভাৰতৰ অযোধ্যা আৰু নেপালৰ জনকপুৰৰ মাজত থকা এই সম্পৰ্ক এইবাৰ ৰে’লপথেৰে অধিক ওচৰ চাপিল। সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে যৌথভাৱে শুভাৰম্ভ কৰে সৰযূ-কামলা এক্সপ্ৰেছৰ। এই নতুন ৰে’ল সেৱাই দুয়োখন দেশৰ মাজত ধৰ্মীয় পৰ্যটন আৰু সাংস্কৃতিক যোগাযোগৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

অযোধ্যা মানেই ভগৱান শ্ৰীৰামৰ জন্মভূমি আৰু জনকপুৰ মানেই দেৱী সীতাৰ সৈতে জড়িত পৱিত্ৰ ভূমি। ৰামায়ণৰ পৰম্পৰাত এই দুই স্থানৰ সম্পৰ্ক অতি তাৎপৰ্যপূৰ্ণ। বিশ্বাস অনুসৰি, জনকপুৰৰ ৰাজকুমাৰী সীতাৰ সৈতে অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ বিবাহৰ সূত্ৰে দুয়োটা স্থানৰ মাজত গঢ় লৈ উঠিছিল এক ঐতিহাসিক সম্পৰ্ক। সেই ঐতিহ্যক আধাৰ কৰিয়েই আৰম্ভ কৰা হৈছে এই ৰে’ল সেৱা।
ইমান দিনে এই দুই ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যাত্ৰীসকলে বিভিন্ন যাতায়াত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। নতুন ৰে’ল সংযোগে সেই যাত্ৰা অধিক সহজ কৰাৰ লগতে ভাৰত আৰু নেপালৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে নতুন সুবিধা সৃষ্টি কৰিব। বিশেষকৈ ৰামায়ণৰ সৈতে জড়িত স্থানসমূহ সামৰি তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰা লোকসকলৰ বাবে এই সেৱা বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব।
মুঠ ৬০৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰে’লখনৰ প্ৰায় ১৯ ঘণ্টা সময় লাগিব। ভাৰতীয় ৰে’লৱেৰ সূচী অনুসৰি, ২৩ নৱেম্বৰত অযোধ্যা ধাম ষ্টেচনৰ পৰা উদ্বোধনী যাত্ৰা আৰম্ভ কৰা হৈছে। ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নিয়মীয়া সাপ্তাহিক যাত্ৰীবাহী সেৱা।
কেনেকুৱা হ’ব ৰে’লখনৰ সময়সূচী?
প্ৰকাশিত সময়সূচী অনুসৰি, ১৫৫৯৬ নম্বৰৰ সৰযূ-কামলা এক্সপ্ৰেছ প্ৰতি সোমবাৰে সন্ধিয়া ৫ বাজি ৫০ মিনিটত অযোধ্যা কেণ্টৰ পৰা ৰাওনা হ’ব। মঙলবাৰে নেপালৰ স্থানীয় সময় অনুসৰি দিনৰ ১২ বাজি ৪০ মিনিটত জনকপুৰ ধামত উপস্থিত হ’ব ৰে’লখন।
উভতনি যাত্ৰাত ১৫৫৯৫ নম্বৰৰ ৰে’লখন প্ৰতি শনিবাৰে নেপালৰ স্থানীয় সময় অনুসৰি দিনৰ ১ বাজি ১০ মিনিটত জনকপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব। দেওবাৰে পুৱা ৮ বাজি ১০ মিনিটত অযোধ্যা কেণ্টত উপস্থিত হ’ব।
উদ্বোধনী বিশেষ ৰে’লৰ বাবে অৱশ্যে পৃথক নম্বৰ ব্যৱহাৰ কৰা হৈছে। ০৪২৯৫ নম্বৰৰ ৰে’লখন ২৩ নৱেম্বৰত দুপৰীয়া ১২ বাজি ৩০ মিনিটত অযোধ্যা ধামৰ পৰা ৰাওনা হৈছে আৰু ২৪ নৱেম্বৰত পুৱা ১০ বজাত জনকপুৰত উপস্থিত হোৱাৰ কথা। উভতনি বিশেষ ৰে’লখন ২৪ নৱেম্বৰত জনকপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ২৫ নৱেম্বৰত পুৱা ৮ বাজি ১০ মিনিটত অযোধ্যা পাব।
ৰে’ল যোগাযোগৰ আঁৰত ধৰ্মীয় পৰ্যটনৰ বৃহৎ সম্ভাৱনা
সৰযূ-কামলা এক্সপ্ৰেছৰ গুৰুত্ব কেৱল যাতায়াতৰ সুবিধাতে সীমাবদ্ধ নহয়। ভাৰত আৰু নেপালৰ মাজত ধৰ্মীয় পৰ্যটনৰ এক বৃহৎ ক্ষেত্ৰ সম্প্ৰসাৰণৰ সম্ভাৱনাও কঢ়িয়াই আনিছে এই নতুন সংযোগে। ৰামায়ণৰ সৈতে জড়িত বিভিন্ন স্থানক একেটা পৰ্যটন পৰিক্ৰমাৰ অধীনলৈ অনাৰ যি পৰিকল্পনা, সেই ৰামায়ণ চাৰ্কিটৰ বাবেও এই ৰে’ল সেৱা সহায়ক হ’ব পাৰে।
অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ পাছত জনকপুৰৰ জানকী মন্দিৰ ভ্ৰমণৰ পৰিকল্পনা কৰা তীৰ্থযাত্ৰীসকলৰ বাবে পোনপটীয়া ৰে’ল সেৱাই যাত্ৰা অধিক সুবিধাজনক কৰিব। ইয়াৰ ফলত দুয়োখন দেশৰ ধৰ্মীয় পৰ্যটনৰ সৈতে জড়িত ব্যৱসায়, স্থানীয় অৰ্থনীতি আৰু পৰ্যটন উদ্যোগেও লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।
তাৰ সমান্তৰালভাৱে সীমান্তৰ দুয়োপাৰৰ লোকসকলৰ মাজত সামাজিক আৰু সাংস্কৃতিক যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰতো এই সেৱাৰ ভূমিকা থাকিব। বাণিজ্যিক আদান-প্ৰদান আৰু পাৰস্পৰিক সহযোগিতাৰ নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰতো ৰে’ল সংযোগটোক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
প্ৰকৃততে, ৰে’লপথৰ এই নতুন সংযোগৰ তাৎপৰ্য কেৱল অযোধ্যাৰ পৰা জনকপুৰলৈ যাত্ৰাৰ সময় কমোৱা বা যাতায়াত সহজ কৰাতেই সীমাবদ্ধ নহয়। যুগ যুগ ধৰি ধৰ্মীয় বিশ্বাস, সংস্কৃতি আৰু ঐতিহাসিক পৰম্পৰাৰে সংযুক্ত হৈ থকা ভাৰত আৰু নেপালৰ সম্পৰ্কক অধিক জনমুখী কৰাৰ এক প্ৰয়াস এয়া। এতিয়া এই ৰে’ল সেৱাই সেই ঐতিহ্যক কিমান দূৰলৈ পৰ্যটন আৰু অৰ্থনৈতিক সম্ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰে, সেয়াহে হ’ব লক্ষণীয়।
