যিকোনো মুহূৰ্ততে হৃদৰোগত আক্ৰান্ত হ’ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান! নিয়ন্ত্ৰণহীন ৰক্তচাপ, সংকটজনক স্বাস্থ্যৰ অৱস্থা, জৰুৰী চিকিৎসা নাপালে হৃদযন্ত্ৰ আৰু বৃক্ক বিকল হোৱাৰ আশংকা চিকিৎসকৰ

অৱিলম্বে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে হৃদযন্ত্ৰ আৰু বৃক্ক বিকল হ’ব পাৰে বুলি সতৰ্ক কৰি দিছে চিকিৎসকসকলে। কাৰাগাৰত বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইমৰান খানৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ সংকটজনক হৈ পৰিছে। তেওঁৰ ৰক্তচাপ নিয়ন্ত্ৰণত নাই আৰু দিনক দিনে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে। চিকিৎসকসকলৰ আশংকা, শীঘ্ৰে উপযুক্ত চিকিৎসা প্ৰদান নকৰিলে যিকোনো মুহূৰ্ততে হৃদৰোগত আক্ৰান্ত হ’ব পাৰে ইমৰান খান। কেৱল হৃদযন্ত্ৰই নহয়, তেওঁৰ শৰীৰৰ অন্যান্য অংগ-প্ৰত্যংগও যিকোনো সময়তে ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে ইমৰান খান। কিছুদিন পূৰ্বে ৭৪ বছৰীয়া ইমৰান খানে তেওঁৰ লগতে পত্নী বুশ্বৰা বিবিৰ শাৰীৰিক অৱস্থাৰ গুৰুতৰ অৱনতি ঘটাৰ কথা উল্লেখ কৰি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকললৈ এখন পত্ৰ লিখিছিল। পত্ৰখনত তেওঁ উল্লেখ কৰিছিল যে ইতিমধ্যে সোঁ চকুৰ প্ৰায় ৮৫ শতাংশ দৃষ্টিশক্তি হেৰুৱাইছে। আনকি উক্ত কাৰাগাৰৰ পৰা তেওঁ জীৱিত অৱস্থাত ওলাই আহিব পাৰিব নে নাই, সেই লৈও আশংকা প্ৰকাশ কৰিছিল। তেওঁৰ পত্নীয়েও স্থায়ীভাৱে দৃষ্টিশক্তি হেৰুওৱাৰ আশংকা আছে বুলি পত্ৰখনত উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে আদালতে তেওঁৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ কাৰ্যকৰী হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে, ইমৰান খানৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে তেওঁৰ দীৰ্ঘদিনীয়া চিকিৎসক ফয়ছল ছুলতানে। বিগত ৩০ বছৰ ধৰি ইমৰান খানৰ চিকিৎসা কৰি অহা ফয়ছল ছুলতানে লণ্ডনৰ সংবাদপত্ৰ দ্য টেলিগ্ৰাফক দিয়া এক সাক্ষাৎকাৰত কয় যে ইমৰান খানক শীঘ্ৰে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ সুযোগ দিব লাগে।

সূত্ৰ অনুসৰি, কিছুদিন পূৰ্বে ইমৰান খানৰ ৰক্তচাপ ১৯২ পৰ্যন্ত বৃদ্ধি পাইছিল। ইয়াৰ ফলত তেওঁৰ মগজুত ৰক্তক্ষৰণ হোৱাৰো আশংকা আছে। উচ্চ ৰক্তচাপ শীঘ্ৰে নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিলে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব পাৰে বুলি সকীয়াই দিছে ফয়ছল ছুলতানে। ইয়াৰ ফলত ইমৰান খানৰ বৃক্ক, হৃদযন্ত্ৰ আৰু চকুৰ ৰেটিনা ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰিছে।

ইমৰান খানক শীঘ্ৰে এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰাই উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকগৰাকীয়ে। তেওঁৰ মতে, অৱিলম্বে এগৰাকী বৃক্ক বিশেষজ্ঞ (নেফ্ৰ’লজিষ্ট) অথবা হৃদৰোগ বিশেষজ্ঞ (কাৰ্ডিঅ’লজিষ্ট)ৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। এনে ৰোগী তেওঁৰ ওচৰলৈ আহিলেও তেওঁ একেই পৰামৰ্শ আগবঢ়ালেহেঁতেন বুলি মন্তব্য কৰে ফয়ছল ছুলতানে।

অৱশ্যে, কাৰাগাৰ কৰ্তৃপক্ষই ইমৰান খানক নিয়মীয়াকৈ চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি দাবী কৰিছে। কিছুদিন পূৰ্বে তেওঁৰ চকুৰ পৰীক্ষাও কৰোৱা হৈছিল বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...

৬টা দশকৰ সংগ্ৰাম আৰু ঐতিহ্যৰ স্মৃতিৰে আছুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ, উন্মোচন বিশেষ ল’গ’

অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিচিত...