আমেৰিকাৰ সীমান্তত সন্তানক এৰি পলাইছে ভাৰতীয় পিতৃ-মাতৃ! ৪ বছৰত উদ্ধাৰ ১,৩৮৯ গৰাকী ভাৰতীয় শিশু

আমেৰিকাৰ নাগৰিকত্ব লাভৰ আশাত নিজৰ নাবালক সন্তানক বিপদৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ একাংশ ভাৰতীয় পিতৃ-মাতৃৰ বিৰুদ্ধে। আমেৰিকাৰ সীমান্তত অভিভাৱকহীন অৱস্থাত উদ্ধাৰ হোৱা ভাৰতীয় শিশুৰ সংখ্যাই উদ্বিগ্ন কৰিছে সকলোকে।

আমেৰিকাৰ প্ৰশাসনৰ শেহতীয়া তথ্য অনুসৰি, বিগত চাৰি বছৰত অভিভাৱকহীন অৱস্থাত আমেৰিকাত উপস্থিত হোৱা ১,৩৮৯ গৰাকী ভাৰতীয় শিশুক আটক কৰিছে দেশখনৰ সীমান্ত সুৰক্ষা বাহিনীয়ে। উন্নত জীৱন আৰু আমেৰিকাৰ নাগৰিকত্ব লাভৰ সপোন পূৰণৰ বাবে একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তানক আমেৰিকা বা কানাডা-আমেৰিকাৰ সীমান্তত অকলশৰে এৰি থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। আশ্চৰ্যজনকভাৱে, এতিয়ালৈকে এই শিশুসকলৰ এজনকো ভাৰতলৈ ঘূৰাই পঠিওৱা হোৱা নাই।

‘ডাংকি ৰুট’ৰ জৰিয়তে অবৈধভাৱে আমেৰিকাত প্ৰৱেশৰ চেষ্টা নতুন কথা নহয়। কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। পৰিসংখ্যা অনুসৰি, ১২ৰ পৰা ১৭ বছৰ বয়সৰ বহু নাবালকক সীমান্তত অভিভাৱকহীন অৱস্থাত এৰি থৈ যোৱা হৈছে। আনকি কিছুমান শিশুৰ কাপোৰত পিতৃ-মাতৃয়ে নিজৰ ঠিকনাও লিখি থৈ যোৱাৰ তথ্য পোহৰলৈ আহিছে।

‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি, অভিবাসন বিশেষজ্ঞসকলৰ মতে, আমেৰিকাত স্থায়ীভাৱে বসবাসৰ সুবিধা লাভৰ আশাত একাংশ অভিভাৱকে নিজৰ সন্তানক ব্যৱহাৰ কৰে। অতীতত নাবালক সন্তানক আমেৰিকালৈ পঠিয়াই পিতৃ-মাতৃ বা আত্মীয়ৰ বাবে আইনীভাৱে বসবাসৰ আবেদন শক্তিশালী কৰাৰ চেষ্টা চলোৱা হৈছিল বুলিও অভিযোগ আছে। এই শিশুসকলক ‘গ্ৰীন কাৰ্ড ব্ৰিংগাৰ’ হিচাপেও অভিহিত কৰা হৈছিল।

আমেৰিকাৰ শুল্ক আৰু সীমান্ত সুৰক্ষা সংস্থা (USCBP)ৰ তথ্য অনুসৰি, ২০২৩ বিত্তীয় বৰ্ষত ৭৩০ গৰাকী ভাৰতীয় নাবালকক অভিভাৱকহীন অৱস্থাত সীমান্তত আটক কৰা হৈছিল। ২০২৪ চনত এই সংখ্যা ৫১৭লৈ হ্ৰাস পায়। ২০২৫ চনত ৯১ গৰাকী আৰু ২০২৬ চনত এতিয়ালৈকে ৫১ গৰাকী ভাৰতীয় শিশুক আটক কৰা হৈছে।

কেৱল ভাৰতীয় শিশুৰ ক্ষেত্ৰতে নহয়, আন দেশৰ পৰাও অভিভাৱকহীন অৱস্থাত আমেৰিকাৰ সীমান্তত উপস্থিত হোৱা শিশুৰ সংখ্যা হ্ৰাস পাইছে। আমেৰিকাৰ প্ৰশাসনৰ তথ্য অনুসৰি, ২০২৪ চনত সকলো দেশ মিলি প্ৰায় ১ লাখ ১০ হাজাৰ অভিভাৱকহীন শিশুক চিনাক্ত কৰা হৈছিল। ২০২৫ চনত এই সংখ্যা ২৯,৫৮৪লৈ আৰু ২০২৬ চনত ৯,১৯০লৈ হ্ৰাস পায়। ২০২৬ চনৰ অক্টোবৰ মাহত এই সংখ্যা আছিল ৭২২।

বিশেষজ্ঞসকলৰ মতে, ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ কঠোৰ অভিবাসন নীতি, সীমান্তত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি আৰু দ্ৰুতগতিত বহিষ্কৰণৰ পদক্ষেপৰ ফলতেই এনে ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। অৱশ্যে এই প্ৰৱণতা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই।

ইফালে, CBPৰ তথ্য অনুসৰি, ২০২৬ চনত আমেৰিকাৰ সীমান্ত বিষয়াসকলে ৩০,৫২৮ বাৰ অভিভাৱকহীন শিশুক উদ্ধাৰ কৰি তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে যোগাযোগ স্থাপন কৰিছে।

উল্লেখযোগ্য যে, আমেৰিকালৈ অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত ২১খন দেশৰ তালিকাত ভাৰতৰ স্থান তৃতীয়। উন্নত জীৱনৰ সপোন পূৰণৰ নামত নাবালক সন্তানক বিপজ্জনক পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়াৰ এই অভিযোগে এতিয়া গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ৫.৬ প্ৰাবল্যৰ ভূমিকম্প! দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰতো অনুভূত হয় জোকাৰণি

মঙলবাৰে পুৱাই ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল পূব নেপাল। নেপালৰ...