ভূপেন দাৰ গীত চিৰপ্রৱাহমান হৈ থাকক : প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে খানাপাৰাত সুধাকণ্ঠৰ জন্ম শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূপেন দাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ সন্মুখত ১২০০ শিল্পীয়ে পৰিৱেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত। সুধাকণ্ঠৰ ১৪টা কালজয়ী গীতৰ কলি পৰিৱেশন কৰিলে শিল্পীসকলে। সুধাকণ্ঠৰ নামত RBIয়ে প্ৰস্তুত কৰা ১০০ টকীয়া মুদ্ৰাও মুকলি কৰা হ’ল।

ভূপেন হাজৰিকাৰ জীৱনী গ্রন্থ মুকলি কৰা হয় জন্ম শতবৰ্ষ অনুষ্ঠানত। অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাৰে উলিওৱা গ্রন্থখন ২১টাকৈ ভাষাত অনূদিত।

ড০ ভূপেন হাজৰিকাক সুঁৱৰি ভাষণ প্ৰদান কৰিলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লৈ মই বহুত সুখী বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। এই অনুষ্ঠানত অংশ লোৱা সকলো শিল্পীক ধন্যবাদ জ্ঞাপন। প্ৰধানমন্ত্ৰীয়ে কলে, ‘ভূপেন দাৰ গীত এইদৰে চিৰপ্রৱাহমান হৈ থাকক’। ‘এনে পবিত্র অনুষ্ঠানত অংশ লোৱাটো মোৰ বাবে সৌভাগ্য’। ‘ভূপেন দাই সুৰেৰে ভাৰতবৰ্ষক একত্ৰিত কৰিছিল’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...