অভিনেত্ৰী দিশা পাটানীৰ ঘৰত দুৰ্বৃত্তৰ গুলীচালনা

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী দিশা পাটানী। শেহতীয়াকৈ বলীউডৰ Yuddha ছবিখনত দেখা গৈছে দিশাক। ছবিখনত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়েৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে দিশা পাটানীয়ে। এইগৰাকী অভিনেত্ৰীৰ ঘৰতেই শুকুৰবাৰে প্ৰায় ৩.৩০ বজাত চলিল দুৰ্বৃত্তৰ আক্ৰমণ।

অভিনেত্ৰী দিশা পাটানীৰ বৰেলীৰ ঘৰত দুৰ্বৃত্তৰ গুলীচালনা। দিশাৰ ঘৰলৈ লক্ষ্য কৰি কেইবাজাঁই গুলী নিক্ষেপ দুৰ্বৃত্তৰ। বাইক আৰোহী দুই দুৰ্বৃত্তই সংঘটিত কৰিছে এই কাণ্ড। ছ’চিয়েল মিডিয়াত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ ৰোহিত গোদাৰা আৰু গোল্ডি ব্ৰাৰ গেঙে।

প্ৰেমানন্দ মহাৰাজৰ অপমানৰ প্ৰতিশোধ ল’বলৈ এই আক্ৰমণ কৰা বুলি দাবী গেংষ্টাৰৰ। প’ষ্টটোৰ ভিত্তিতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বৰেলী আৰক্ষীয়ে। আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা।

দিশাৰ পিতৃ জগদীশ পাটানী এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। পাটানীৰ বাসগৃহত এই আক্ৰমণৰ পাছতে সষ্টম হৈছে বৰেলি আৰক্ষী। ঘটনাৰ পাছতে পাটানী পৰিয়ালৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। পাঁচটাকৈ সশস্ত্ৰ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে অভিনেত্ৰীগৰাকীৰ বাসগৃহত। শেহতীয়াকৈ প্ৰেমানন্দ মহাৰাজৰ ওপৰত এটা মন্তব্য কৰিছিল দিশাৰ ভগ্নী খুছবু পাটানীয়ে। খুছবু পাটানীয়ে কৰা মন্তব্যৰ বাবেই এই গুলীচালনা হোৱাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে এই গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা নাই কোনো লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...