৫ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত পাকিস্তানৰ সেনা প্ৰধান আছিম মুনীৰ

পাঁচ দিনৰ চৰকাৰী ভ্ৰমণত আমেৰিকালৈ গৈছে পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰ। পাক সংবাদমাধ্যম ‘ডন’-এ কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি এই কথা জনাইছে। সূত্ৰৰ দাবী, মূলত দ্বি-পাক্ষিক আলোচনাৰ বাবেই মুনীৰ আমেৰিকাত উপস্থিত হৈছে। কিন্তু সেই সূত্ৰই জনাইছে যে, শনিবাৰে আমেৰিকাৰ সেনা দিৱসৰ অনুষ্ঠানত যোগ দিবলৈ মুনীৰক আমন্ত্ৰণ জনোৱা হোৱা নাই। ৰবিবাৰে হোৱাইট হাউছে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।

ইৰাণ-ইজৰাইল সংঘাতৰ পৰিপ্ৰেক্ষিতত পাক সেনাপ্ৰধানৰ এই আমেৰিকা ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। কাৰণ, ইতিমধ্যে ইৰাণত আক্ৰমণ চলোৱাৰ বাবে আমেৰিকাৰ মিত্ৰ দেশ ইজৰাইলৰ সমালোচনা কৰিছে ইছলামাবাদে। তাৰোপৰি, ইৰাণৰ জাতীয় নিৰাপত্তা পৰিষদৰ এজন সদস্যই দাবী কৰিছে যে, পাকিস্তানে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, ইজৰাইলে যদি ইৰাণত পৰমাণু বোমা পেলায়, তেন্তে ইছলামাবাদেও ইজৰাইলৰ ওপৰত আক্ৰমণ চলাব। যদিও পাকিস্তানে এই বিষয়ে প্ৰকাশ্যে একো মন্তব্য কৰা নাই, ইৰাণৰ পৰা অহা মন্তব্যৰ সত্যতাৰ ওপৰত সন্দেহ থাকিলেও এটা কথা স্পষ্ট যে, পাকিস্তানে তেহৰানৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। এনে পৰিস্থিতিত মুনীৰৰ আমেৰিকা ভ্ৰমণৰ উদ্দেশ্য স্পষ্ট নহয়।

‘ডন’-ৰ প্ৰতিবেদন অনুসৰি, ৰবিবাৰে মুনীৰ আমেৰিকাত উপস্থিত হৈছে। কেইবাটাও সূত্ৰৰ দাবী, তেওঁ ফ্ল’ৰিডাত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ কাৰ্যালয়ত আছে। এই ভ্ৰমণত তেওঁ আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বিদেশ সচিবৰ সৈতে বৈঠক কৰাৰ কথা আছে। তাৎপৰ্যপূৰ্ণভাৱে, আমেৰিকাৰ পাক দূতাবাসে মুনীৰৰ ভ্ৰমণৰ বিষয়ে নিশ্চিত তথ্য বা এই বাতৰি খণ্ডন কোনোটোৱেই কৰা নাই। আনহাতে, পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি ৰবিবাৰে বিয়লিৰ পৰা ৱাশ্বিংটনৰ পাক দূতাবাসৰ সন্মুখত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পিটিআইৰ সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰি আছে। ইমৰাণৰ সৈতে মুনীৰৰ সম্পৰ্ক পূৰ্বৰে পৰা মধুৰ নহয়। পিটিআইৰ দাবী, যিহেতু সেনাপ্ৰধান আমেৰিকাত আছে। সেয়েহে পাকিস্তানত গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠাৰ দাবীত এই সময়ত বিক্ষোভৰ সিদ্ধান্ত লৈছে তেওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...