মৃত্যুৰ কেইঘণ্টামান পূৰ্বে সোনম আৰু ৰাজাই কৰিছিল ট্ৰেকিং; সোনম আৰু ৰাজাৰ পাহাৰ বগাই যোৱাৰ ভিডিঅ’ ভাইৰেল

মেঘালয়ত মধুচন্দ্ৰিকাৰ বাবে গৈ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ মৃত্যু হৈছে। জানিব পৰা গৈছে যে হত্যাৰ মাত্ৰ কেইঘণ্টামান আগতেও ৰাজাই তেওঁৰ পত্নী সোনমৰ সৈতে হাঁহিমুখেৰে পাহাৰত উঠিছিল। তেতিয়া তেওঁ নাজানিছিল যে কিছু সময়ৰ পিছতেই তেওঁক হত্যা কৰা হ’ব! সম্প্ৰতি এটা ভিডিঅ’ত ৰাজা আৰু সোনমক মেঘালয়ৰ ঘন জংঘলৰ মাজত থকা এখন পাহাৰত উঠা দেখা গৈছে। ঘটনাক্ৰমে, এই সোনমো ৰাজাৰ হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তৰ ভিতৰত এগৰাকী। কিন্তু ভিডিঅ’ত হাঁহিমুখী এই দম্পতিক দেখি তাৰ কোনো আভাস পোৱা নাযায়।

মেঘালয়ৰ ঘটনাৰ বিষয়ে চৰ্চা আৰম্ভ হোৱাৰ কেইসপ্তাহমানৰ পিছত সামাজিক মাধ্যমত ৰাজা আৰু সোনমৰ এই ভিডিঅ’টো ভাইৰেল হৈছে। সেই সময়ত এজন পৰ্যটকে অজানিতে এই নৱদম্পতিৰ ভিডিঅ’টো তুলিছিল। তেওঁ নাজানিছিল যে, কিছুদিন পিছত এই ভিডিঅ’ৰ দম্পতিটো সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব। দেব সিং নামৰ এজন পৰ্যটকে তুলি থোৱা ভিডিঅ’টোত দেখা যায় যে, ৰাজা আৰু সোনম পাহাৰত উঠিছে। ৰাজাৰ পৰিধানত বগা ৰঙৰ টি-চাৰ্ট আছিল, যিটো মেঘালয়ৰ আৰক্ষীয়ে ঘটনাস্থলীৰ ওচৰত পাইছিল। ২৩ মে’ৰ পুৱা ৯ বাজি ৪৫ মিনিটত দেবে তেওঁৰ ফোনৰ কেমেৰাৰে এই ভিডিঅ’টো ৰেকৰ্ড কৰিছিল। ঘটনাক্ৰমে, সেই দিনাই ৰাজাক হত্যা কৰা হৈছিল। অভিযোগ অনুসৰি, সোনম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাৰ নিৰ্দেশত তিনিটা কিলাৰে ৰাজাক হত্যা কৰি তেওঁৰ মৃতদেহ খাদত পেলাই দিয়ে। ভিডিঅ’ত ৰাজাৰ হাতত এটা পলিথিনৰ বেগো দেখা গৈছে, যাৰ ভিতৰত এটা ৰেইন কোট আছিল। ৰাজাৰ মৃতদেহ উদ্ধাৰৰ দিনা ঘটনাস্থলীৰ পৰা সেই কোটটোও আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।

ভিডিঅ’টো পোষ্ট কৰি দেবে লিখিছে, “মই ভিডিঅ’বোৰ চাই আছিলো। তেতিয়াই হঠাৎ ইন্দোৰৰ সেই দম্পতিৰ ভিডিঅ’টো পালো। আমি তেতিয়া পাহাৰৰ পৰা নামি আহিছিলো। তেতিয়া পুৱা ৯ বাজি ৪৫ মিনিট হৈছিল। সেই সময়ত এই দম্পতিটো ওপৰলৈ উঠি আছিল। মোৰ মনে কয়, এইটোৱেই সেই দম্পতিটোৰ অন্তিম ভিডিঅ’!” দেবে আশা কৰিছে যে তেওঁৰ এই ভিডিঅ’ই মেঘালয়ৰ আৰক্ষীৰ তদন্তত সহায় কৰিব। তদন্তত জানিব পৰা গৈছে যে, ২৩ মে’ৰ পুৱা ৫ বাজি ৩০ মিনিটত ৰাজা আৰু সোনম নংৰিয়াতৰ শিপাৰা হোমষ্টেৰ পৰা ওলাই গৈছিল। তাৰ পিছত তেওঁলোকে চেৰাপুঞ্জীত ট্ৰেকিঙৰ বাবে ৰাওনা হৈছিল। তিনিটা ভাড়াতীয়া কিলাৰো ওচৰৰ এটা হোমষ্টেত আছিল আৰু তেওঁলোকো একে সময়তে ওলাইছিল। পথত সোনম আৰু ৰাজাৰ সৈতে তিনিটা হত্যাকাৰীক দেখা গৈছিল। ৰাজাই অজানিতে হত্যাকাৰীসকলৰ সৈতে কথোপকথন আৰম্ভ কৰে। তাৰ পিছত সুযোগ বুজি তিনিজনে ৰাজাক হত্যা কৰি তেওঁৰ দেহ খাদত পেলাই দিয়ে। ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। তাৰ পিছতেই সোনমকো গ্ৰেপ্তাৰ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...