ইহুদীৰ ‘হিট লিষ্ট’ত এইবাৰ পাকিস্তান

ইৰাণ-ইজৰাইল সংঘাতৰ বাবে ক্ৰমশ তীব্ৰ হৈছে ‘ক্ৰুছেড’ বা ধৰ্মযুদ্ধৰ আশংকা। আৰব বিশ্বত এই যুদ্ধই ছানি পৰাৰ লগে লগে কেইবাখনো মুছলিম দেশক একত্ৰিত হোৱা দেখা গৈছে। এই সংঘাতৰ সুযোগ লৈ পাকিস্তানে ধৰ্মীয় কাৰ্ড খেলি তেহৰানক পোনপটীয়াকৈ সমৰ্থনৰ ইংগিত দিছে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানক সমুখত ৰাখি ইৰাণৰ পৰা পৰমাণু আক্ৰমণৰ ভাবুকি আহিছে। ফলত এই সংঘাতে জুইত ঘিউ ঢলাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে বুলি প্ৰতিৰক্ষা বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

সম্প্ৰতি ইহুদী আৰু শ্বীয়াৰ যুদ্ধক লৈ পাক সাংসদ আছাদ কায়ছাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ইছলামাবাদৰ পাৰ্লামেণ্ট ‘নেশ্যনেল এছেম্বলী’ত থিয় হৈ তেওঁ কৈছিল, “ইৰাণৰ দৰে ভৱিষ্যতে ইজৰাইলে আমাকো লক্ষ্য কৰিব পাৰে। সেয়ে দেশৰ জনসাধাৰণৰ পৰা আৰম্ভ কৰি চৰকাৰলৈকে সকলোৱে তেহৰানৰ কাষত থিয় দিব লাগিব।” তেওঁৰ এই ভাষণৰ কিছু সময়ৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত ইৰাণক সমৰ্থনৰ কাৰণ নেশ্যনেল এছেম্বলীৰ প্ৰাক্তন স্পীকাৰ আছাদে স্পষ্ট কৰিছে। তেওঁ ভাৰতৰ ‘অপাৰেশ্যন সিন্দূৰ’ৰ প্ৰসংগ উল্লেখ কৰি কৈছিল, “ইহুদীসকলে নিৰ্মাণ কৰা ড্ৰ’নৰ দ্বাৰা নতুন দিল্লীয়ে পাকিস্তানৰ ওপৰত আক্ৰমণ চলাইছিল, যিবোৰ আমি ৰখাব নোৱাৰিলো।” এই কাৰণে দেশৰ অস্তিত্ব ৰক্ষাৰ বাবে ‘ইছলামিক ভাতৃত্ববোধ’ৰ ওপৰত গুৰুত্ব দিয়াৰ দাবী তুলিছে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ এই সাংসদজনে।

কিন্তু আছাদৰ ভাষণৰ আগতেই পাক প্ৰতিৰক্ষামন্ত্ৰী খোৱাজা আছিফে ইৰাণক সমৰ্থনৰ কথা স্পষ্ট কৰিছিল। ১৪ জুনত পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে সংবাদমাধ্যমৰ আগত তেওঁ কৈছিল, “এই কঠিন সময়ত আমি সম্পূৰ্ণৰূপে ইৰাণৰ কাষত আছো। তেহৰানৰ স্বাৰ্থ আমি ৰক্ষা কৰিব লাগিব, কাৰণ তেওঁলোক আমাৰ ভাই। তেওঁলোকৰ দুখ-কষ্টত অংশ লোৱা আমাৰ কৰ্তব্য।”

পাক প্ৰতিৰক্ষামন্ত্ৰীৰ অভিযোগ, ইজৰাইলে কেৱল ইৰাণক লক্ষ্য কৰা নাই, ইয়েমেন, লেবানন আৰু পেলেষ্টাইনকো ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। এই কাৰণে বৰ্তমান পৰিস্থিতিত ইছলামিক বিশ্বৰ ঐক্য অতি গুৰুত্বপূৰ্ণ। তেওঁ কয়, “আজি যদি আমি সকলোৱে নীৰৱ থাকো, তেন্তে ইহুদীসকলে এটা এটাকৈ সকলোকে লক্ষ্য কৰিব, আৰু তেওঁলোকৰ অন্তিম লক্ষ্য হ’ব পাকিস্তান।”

পাক প্ৰতিৰক্ষামন্ত্ৰী আৰু সাংসদৰ এই মন্তব্যৰ পিছত ইৰাণ যথেষ্ট উৎসাহিত হৈছে। এই বিষয়ত ইৰাণৰ চৰকাৰী নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত তেহৰানৰ ‘ইছলামিক ৰেভলিউশ্যনাৰী গাৰ্ড কৰ্পছ’ (আইআৰজিচি)ৰ কমাণ্ডাৰ তথা জাতীয় নিৰাপত্তা পৰিষদৰ সদস্য ছিনিয়ৰ জেনেৰেল মোহচেন ৰেজাই কয়, “ইছলামাবাদে প্ৰতিশ্ৰুতি দিছে যে যদি ইজৰাইলে আমাৰ ওপৰত পৰমাণু বোমাৰ আক্ৰমণ চলায়, তেন্তে তেওঁলোকেও পৰমাণু অস্ত্ৰৰে ইহুদীভূমিত প্ৰত্যাক্ৰমণ চলাব।”

শ্বীয়া বাহিনীৰ এই কমাণ্ডাৰৰ মন্তব্যৰ পিছত বিশ্বজুৰি হৈ চৈ আৰম্ভ হৈছে। ফলত আন্তৰ্জাতিক চাপত পৰিছে ইছলামাবাদ। ইয়াৰ পিছত পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে তেহৰানৰ এই দাবী খাৰিজ কৰিছে। কিন্তু শ্বাহবাজ শ্বৰিফ চৰকাৰে চৰকাৰীভাৱে নিজৰ অৱস্থান স্পষ্ট কৰা নাই। পাকিস্তানৰ বিদেশ মন্ত্ৰী ইশাক দাৰে ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে।

প্ৰতিৰক্ষা বিশ্লেষকৰ এটা অংশৰ দাবী, ইজৰাইলক লৈ পাকিস্তানৰ ভয় অমূলক নহয়। কাৰণ, সন্ত্ৰাসবাদক সমৰ্থন কৰা কোনো ইছলামীয় দেশৰ হাতত পৰমাণু অস্ত্ৰ থকাটো ইহুদী চৰকাৰে একেবাৰেই বিচৰা নাই। কেইবছৰমান আগৰ এটা সাক্ষাৎকাৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই বিষয়ে মুকলিকৈ আপত্তিৰ কথা জনাইছিল। সেই সাক্ষাৎকাৰৰ ভিডিঅ’টোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ প্ৰসংগত নেতানিয়াহুৱে কৈছিল, “আমাৰ প্ৰাথমিক লক্ষ্য হৈছে ইৰাণ। তাৰ পিছত অৱশ্যেই পাকিস্তানৰ কথা উল্লেখ কৰিব লাগিব। তালিবানৰ দৰে কোনো কট্টৰপন্থী দল যদি এই দেশৰ ক্ষমতা দখল কৰে, তেন্তে পৰিস্থিতি ভয়াৱহ হ’ব। আমি কেতিয়াও সেই বিপদ ল’ব নোৱাৰো। তেতিয়া ইছলামাবাদক লক্ষ্য কৰাৰ বাহিৰে আমাৰ হাতত আন কোনো পথ নাথাকিব।”

ইজৰাইল-ইৰাণ সম্পৰ্ক যেনেকৈ সাপে-নেউলৰ, ভাৰত-পাকিস্তানৰ সম্পৰ্কও তেনেকুৱাই। ইছলামাবাদ যাতে পৰমাণু শক্তিসম্পন্ন হ’ব নোৱাৰে, বিগত শতিকাত ইহুদী চৰকাৰে তাৰ পৰিকল্পনা কৰিছিল। এই বিষয়ত টেল আভিভে নতুন দিল্লীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল। কিন্তু নানা কাৰণত ইজৰাইল আৰু ভাৰতে পাকিস্তানৰ পৰমাণু কাৰ্যসূচী ধ্বংস কৰিবলৈ সফল হোৱা নাছিল।

১৯৮০ৰ দশকত ইছলামাবাদে দ্ৰুত গতিত পৰমাণু অস্ত্ৰ নিৰ্মাণৰ দিশত আগবাঢ়িছিল। ৰাৱালপিণ্ডিৰ ওচৰৰ কাহুতাত পাকিস্তানৰ প্ৰতিৰক্ষা গৱেষকসকলে এই সম্পৰ্কীয় গৱেষণা চলাইছিল। যদিও বিশ্লেষকৰ এটা বৃহৎ অংশৰ মতে, চীন আৰু উত্তৰ কোৰিয়াৰ পৰা প্ৰযুক্তি চুৰি কৰি তেওঁলোকে পৰমাণু বোমা তৈয়াৰ কৰিছিল।

১৯৭১ চনৰ যুদ্ধত ভাৰতৰ হাতত পৰাজিত হোৱাৰ পিছত পাকিস্তান চৰকাৰে পৰমাণু অস্ত্ৰ নিৰ্মাণত মনোনিৱেশ কৰিছিল। তেতিয়াৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টিৰ প্ৰতিষ্ঠাতা জুলফিকৰ আলি ভুট্টোৱে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল, “প্ৰয়োজন হ’লে আমি সকলোৱে ঘাঁহপাত খাই থাকিম, কিন্তু আমাক পৰমাণু বোমা লাগিবই।”

পাক প্ৰধানমন্ত্ৰী ভুট্টোৰ এই মন্তব্যৰ পিছত নতুন দিল্লী চিন্তিত হৈ পৰিছিল। ইছলামাবাদৰ পৰিকল্পনা জানিবলৈ ভাৰতৰ গোপনীয় সংস্থা ‘ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং’ (ৰ) সক্ৰিয় হৈ পৰিছিল। কাহুতাত কাৰ্যৰত প্ৰতিৰক্ষা গৱেষকৰ চুলিৰ নমুনা সংগ্ৰহ কৰি ৰাসায়নিক পৰীক্ষাত তাত ইউৰেনিয়ামৰ উপস্থিতি ধৰা পৰিছিল। ফলত ভাৰতীয় গুপ্তচৰসকলৰ বাবে সত্য উদঘাটন কৰাটো কঠিন হোৱা নাছিল।

পাকিস্তানৰ পৰমাণু অস্ত্ৰ নিৰ্মাণৰ বিষয়টো ইজৰাইলেও ভাল দৃষ্টিৰে চোৱা নাছিল। কাৰণ, ইছলামাবাদে ইহুদীভূমিক মান্যতা দিয়াৰ পক্ষপাতী নহয়। ইয়াৰোপৰি, পেলেষ্টাইনৰ প্ৰবল সমৰ্থক ৰাৱালপিণ্ডিৰ সেনাকৰ্তাসকলে টেল আভিভক শত্ৰু বুলি গণ্য কৰে। সেয়ে গছ ডাঙৰ হোৱাৰ আগতেই তাক কাটি পেলোৱাৰ পৰিকল্পনা কৰিছিল ইজৰাইলৰ গুপ্তচৰ সংস্থা মোছাদে।

১৯৮১ চনত ইজৰাইল ডিফেন্স ফৰ্ছ (আইডিএফ)ৰ বিমান আক্ৰমণত ইৰাকৰ ওচিৰাক পৰমাণু প্ৰতিষ্ঠান ধ্বংস হৈছিল। এই আক্ৰমণৰ নাম আছিল ‘অপাৰেশ্যন বেবিলন’। ঠিক একেদৰেই পাকিস্তানৰ কাহুতাৰ পৰমাণু গৱেষণা কেন্দ্ৰ ধ্বংস কৰাৰ পৰিকল্পনা আছিল ইহুদী গুপ্তচৰসকলৰ।

সেই সময়ত ইজৰাইলৰ সৈতে ভাৰতৰ কোনো আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নাছিল। কিন্তু বিভিন্ন বিষয়ত নতুন দিল্লী আৰু টেল আভিভৰ মাজত ঘনিষ্ঠ যোগাযোগ আছিল। সূত্ৰৰ খবৰ অনুসৰি, কাহুতা ধ্বংসৰ পৰিকল্পনাত প্ৰাথমিকভাৱে সেউজ সংকেত দিছিল তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। ফলত ভাৰতীয় ফৌজ আৰু গুপ্তচৰসকলৰ সৈতে আইডিএফৰ সেনাকৰ্তাসকলে কথোপকথন আৰম্ভ কৰিছিল।

ৱাশ্বিংটন পোষ্ট আৰু এবিচি নিউজৰ প্ৰতিবেদনত ভাৰত আৰু ইজৰাইলৰ যৌথ উদ্যোগত পাক পৰমাণু কাৰ্যসূচী ধ্বংসৰ পৰিকল্পনা প্ৰকাশ পাইছিল। এই সংবাদ মাধ্যম দুটাৰ দাবী, এই বিপদজনক অভিযানত আমেৰিকাৰ নিৰ্মিত এফ-১৫ আৰু এফ-১৬ যুদ্ধবিমান ব্যৱহাৰৰ কথা আছিল আইডিএফৰ।

পশ্চিমীয়া সংবাদ মাধ্যমৰ দাবী, ইজৰাইলৰ যুদ্ধবিমানবোৰ গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিৰ পৰা উৰাৰ কথা আছিল। কিন্তু তাৰ পৰা সীমান্ত পাৰ হৈ কাহুতাত আক্ৰমণ চলোৱাৰ পৰিকল্পনা নাছিল। বৰঞ্চ সোজাকৈ কাশ্মীৰৰ ওপৰেদি উৰি নিয়ন্ত্ৰণৰেখা (এলঅ’চি) পাৰ হৈ ৰাৱালপিণ্ডিৰ দিশে যোৱাৰ কথা আছিল।

প্ৰতিবেদন অনুসৰি, ১৯৮৪ চনৰ মাৰ্চত তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই অভিযানৰ চূড়ান্ত অনুমোদন দিছিল। ইজৰাইলৰ তৎকালীন প্ৰধানমন্ত্ৰী ইৎজাক শ্বামিৰে এই বিষয়ে নতুন দিল্লীৰ সৈতে একাধিকবাৰ কথা-বতৰা কৰিছিল। যদিও, ইন্দিৰাৰ সৈতে প্ৰত্যক্ষভাৱে এই বিষয়ত কথা-বতৰা হৈছিল নে নাই, তাৰ স্পষ্ট তথ্য নাই।

কাহুতা ধ্বংসৰ পৰিকল্পনা চূড়ান্ত পৰ্যায়ত থকাৰ সময়ত আমেৰিকাই বাধা দিছিল। মাৰ্কিন গুপ্তচৰ সংস্থা চিআইএৰ দ্বাৰা পাকিস্তানৰ ওচৰত সকলো তথ্য ফাদিল হৈছিল। ফলত ইছলামাবাদে আগতীয়াকৈ সতৰ্কতা গ্ৰহণ কৰিছিল। বাধ্য হৈ ভাৰত আৰু ইজৰাইলে এই আক্ৰমণৰ পৰিকল্পনা বাতিল কৰিছিল। দুয়োখন দেশে চৰকাৰীভাৱে এই বিষয়ে কেতিয়াও স্বীকাৰ কৰা নাছিল।

প্ৰতিৰক্ষা বিশ্লেষকৰ দাবী, সময়ৰ চক্ৰ ঘূৰি আকৌ এবাৰ সেই পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানে যদি খোলাখুলিভাৱে ইৰাণৰ কাষত থিয় দিয়ে, তেন্তে ইজৰাইলৰ বাবে নীৰৱে থকাটো অসম্ভৱ। আনহাতে, পশ্চিম এছিয়াত নিজৰ অৱস্থান শক্তিশালী কৰিবলৈ আমেৰিকাই কেতিয়াও ইহুদীসকলৰ বিৰুদ্ধে যাব নোৱাৰে। এই সুযোগ ভাৰতীয় গুপ্তচৰসকলে কামত লগাব পাৰে। যুদ্ধৰ ফলত পৰিস্থিতি কোন দিশে গতি কৰে, সেয়া এতিয়া পৰ্যবেক্ষণৰ বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...