ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চাইপ্ৰাছৰ সৰ্বোচ্চ নাগৰিক সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ নাগৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। এই স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কৈছে যে, এই সন্মানক তেওঁ ভাৰত আৰু চাইপ্ৰাছৰ বন্ধুত্বৰ প্ৰতীক হিচাপে গণ্য কৰিছে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডুলিডিছৰ হাতৰ পৰা তেওঁ এই সন্মান গ্ৰহণ কৰে।

চাইপ্ৰাছৰ সৰ্বোচ্চ নাগৰিক সন্মান হৈছে ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য মাকাৰিওছ ৩’। এই সন্মানৰ নামকৰণ কৰা হৈছে চাইপ্ৰাছৰ প্ৰথম ৰাষ্ট্ৰপতি মাকাৰীয়োছ ৩ৰ নামে। সন্মান গ্ৰহণৰ পিছত মোদীয়ে কৈছে, “এই সন্মান কেৱল মোৰ নহয়, ১৪০ কোটি ভাৰতীয়ৰ। ই ভাৰতীয়ৰ সামৰ্থ্য, ভাৰতৰ সংস্কৃতি, মূল্যবোধ আৰু বসুধৈৱ কুটুম্বকমৰ দৰ্শনৰ সন্মান।” তাৰ পিছতেই তেওঁ ভাৰত আৰু চাইপ্ৰাছৰ বন্ধুত্বৰ কথা উল্লেখ কৰে। তেওঁ এই সন্মানক দুয়োখন দেশৰ বন্ধুত্ব আৰু পাৰস্পৰিক বুজাপৰাৰ উদ্দেশ্যে উৎসৰ্গা কৰে। তেওঁৰ মতে, “এই সন্মান দুয়োখন দেশৰ শান্তি, নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু জনগণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰতীক।”

মোদী আশাবাদী যে, ভৱিষ্যতে ভাৰত আৰু চাইপ্ৰাছৰ সম্পৰ্ক নতুন উচ্চতাত উপনীত হ’ব। দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ কথাও তেওঁ জনাইছে। দুয়োখন দেশৰ পৰ্যটন উদ্যোগৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদীয়ে কৈছে, “চাইপ্ৰাছ ভাৰতীয়ৰ বাবে এখন প্ৰিয় পৰ্যটনৰ গন্তব্যস্থল।” তেওঁ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আমন্ত্ৰণ জনাইছে।

ৰবিবাৰে তিনিখন দেশৰ ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশ এৰিছে। কানাডাত জি৭ বৈঠকত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ কথা তেওঁৰ। তাৰ আগতে তেওঁ চাইপ্ৰাছত উপস্থিত হৈছিল। ইয়াৰ উপৰিও, ক্ৰোয়েছিয়ালৈও তেওঁৰ যোৱাৰ কথা আছে। ৰবিবাৰে চাইপ্ৰাছৰ লাৰ্নাকা বিমানবন্দৰত উপনীত হোৱাৰ পিছত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্ৰিষ্টোডুলিডিছে তেওঁক আদৰণি জনাইছিল। তাৰ পিছত দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়ীৰ সৈতে এখন বৈঠকত ক্ৰিষ্টোডুলিডিছ আৰু মোদী উপস্থিত আছিল। দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবেও দুয়ো ৰাষ্ট্ৰপ্ৰধান উৎসাহী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...