আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ টুৰৰ সূচীৰে অসমৰ পুৰুষ, মহিলাৰ ক্ৰিকেট দল নামিবিয়া, মালয়েছিয়ালৈ

অসম ক্ৰিকেট সন্থাই জুন আৰু জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে অসমৰ ছিনিয়ৰ পুৰুষ আৰু মহিলা দলৰ লগতে সময়সূচী ঘোষণা ৰিছে । সেই অনুযায়ী ডেনিছ দাসৰ নেতৃত্বত পুৰুষদলটোৱে ১৮ জুনৰ পৰা ১ জুলাইলৈ নামিবিয়া ভ্ৰমণ কৰিব । আনহাতে উমা চেত্ৰীৰ অধিনায়কত্বত মহিলা দলটোৱে ৫-১৬ জুলাইলৈ মালয়েছিয়া ভ্ৰমণত ব্যস্ত থাকিব ।
পুৰুষ দলটোৱে নামিবিয়াৰ ৰাজধানী উইণ্ডহ’কত নামিবিয়াৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ পুৰুষ দলৰ বিৰুদ্ধে পাঁচখন এদিনীয়া মেচ খেলিব । দলটোত আছে ডেনিছ দাস (অধিনায়ক), সুমিত ঘাদিগাওকাৰ -উপ অধিনায়ক ( উইকেটকীপাৰ ), শিৱশংকৰ ৰায়, পাৰভেজ মুচাৰফ, ঋষভ দাস, ৰুহিনন্দন পেগু ( উইকেটকীপাৰ ), মৃণ্ময় দত্ত, আয়ুষ্মান মালাকাৰ, আকাশ সেনগুপ্ত, ৰাহুল সিং, অভিনৱ চৌধুৰী, দৰ্শন ৰাজবংশী, ভাৰ্গব প্ৰতীম লহকৰ, চাহিল জৈন আৰু শুভম মণ্ডল।

সহায়ক ষ্টাফ
মুখ্য প্ৰশিক্ষক : শুভ্ৰজিত শইকীয়া
প্ৰশিক্ষক-ট্ৰেইনাৰ : সলিল সিনহা
ট্ৰেইনাৰ : ভাস্কৰ বৰা
ফিজিঅ’ : হীৰক জ্যোতি তালুকদাৰ
টিম মেনেজাৰ : মনোজ কুমাৰ ভাগৱতী
নিৰ্বাচক : সুমিত ৰঞ্জন দাস

ছিনিয়ৰ পুৰুষদলৰ সময় সূচী
১৯ জুন : নামিবিয়াত উপস্থিত
২০ জুন : অনুশীলন
২১ জুন : প্ৰথম এদিনীয়া মেচ
২২ জুন : অনুশীলন / জিৰণি
২৩ জুন : দ্বিতীয় এদিনীয়া মেচ
২৪ জুন : অনুশীলন / জিৰণি
২৫ জুন : তৃতীয় এদিনীয়া মেচ
২৬ জুন : অনুশীলন / জিৰণি
২৭ জুন : চতুৰ্থ এদিনীয়া মেচ
২৮ জুন : অনুশীলন — জিৰণি
২৯ জুন : পঞ্চম এদিনীয়া মেচ
৩০ জুন : নামিবিয়াৰ পৰা প্ৰত্যাৱৰ্তন

ইফালে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় মহিলা দলৰ বিৰুদ্ধে পাঁচখন এদিনীয়া মেচ খেলিবলগীয়া অসমৰ ১৪ জনীয়া দলটোত আছে —
উমা চেত্ৰী (অধিনায়ক), ৰশ্মি দে ( উপ অধিনায়ক), মণীষা দাস, গায়ত্ৰী গুৰুং, প্ৰিয়ংকা বৰুৱা, নিৰুপমা বড়ো, জিন্টিমণি কলিতা, জ্যোতি দেৱী, খুশী শৰ্মা, মৌচুমী নৰহ, আমন্টিকা মুণ্ডা, উৰ্মিলা চেটাৰ্জী, ৰীমা পেগু আৰু প্ৰিয়ংকা কলিতা ।

সহায়ক ষ্টাফ :
মুখ্য প্ৰশিক্ষক : ৰাজীব ৰাজবংশী
প্ৰশিক্ষক: স্বপ্না চৌধুৰী
ফিজিঅ’ : সুকন্যা চহৰীয়া পি.টি

ছিনিয়ৰ মহিলা দলৰ সময় সূচী
৫ জুলাই ২০২৫ – মালয়েছিয়াত উপস্থিত
৬ জুলাই – অনুশীলন
৭ জুলাই – প্ৰথম মেচ
৮ জুলাই – অনুশীলন / জিৰণি
৯ জুলাই – দ্বিতীয় মেচ
১০ জুলাই – অনুশীলন / জিৰণি
১১ জুলাই – তৃতীয় মেচ
১২ জুলাই – অনুশীলন / জিৰণি
১৩ জুলাই – চতুৰ্থ মেচ
১৪ জুলাই – অনুশীলন / জিৰণি
১৫ জুলাই – পঞ্চম মেচ
১৬ জুলাই – প্ৰত্যাৱৰ্তন

এই ভ্ৰমণৰ লক্ষ্য হৈছে পুৰুষ আৰু মহিলা উভয় দলকে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পৰিচয় আৰু অভিজ্ঞতা প্ৰদান কৰা, যাৰ ফলত তেওঁলোকে বিভিন্ন খেলৰ পৰিস্থিতিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে আৰু বিশ্ব মঞ্চত নিজৰ প্ৰদৰ্শন বৃদ্ধি কৰিব পাৰে। এচিএই অঞ্চলটোৰ ক্ৰিকেটৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ আছে আৰু বিশ্বাস কৰে যে এই ভ্ৰমণে খেলুৱৈসকলৰ বৃদ্ধি আৰু ভৱিষ্যতৰ সফলতাত অৰ্থপূৰ্ণ অৰিহণা যোগাব।
এই সম্পৰ্কত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয়, ‘এই আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী আমাৰ প্ৰতিভাৱান খেলুৱৈসকলৰ কেৰিয়াৰ গঢ় দিয়াত সহায়ক হ’ব । শক্তিশালী আন্তঃৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে প্ৰতিযোগিতাই তেওঁলোকৰ দক্ষতাক প্ৰত্যাহ্বান জনাব আৰু ই তেওঁলোকৰ ক্ৰিকেটৰ পৰিসৰ বহল কৰিব । মই নিশ্চিত যে এচিএৰ এই পদক্ষেপে তেওঁলোকৰ উত্কৰ্ষতাৰ পথ দেখুৱাব।’
এচিএৰ সম্পাদক ত্ৰিদিব কোঁৱৰে দুয়োটা দললৈ শুভেচ্ছা জ্ঞাপন কৰি কয়, ‘আমাৰ খেলুৱৈসকলে অসমৰ আশা-আকাংক্ষাক কান্ধত লৈ ফুৰে । মই তেওঁলোকৰ প্ৰতি আহ্বান জনাওঁ যে তেওঁলোকে নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দি ৰাজ্যৰ ক্ৰিকেটৰ মানদণ্ড উন্নীত কৰিব পৰাকৈ অভিজ্ঞতা অৰ্জন কৰি ঘূৰি আহক।’
দলদুটাৰ এই আন্তৰ্জাতিক সূচী বাস্তৱায়িত কৰাৰবাবে কোঁৱৰে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াৰ প্ৰতিও কোঁৱৰে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...