বিশ্ববাসীৰ লগতে ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে ঈদ-উল-আজহা। শান্তি আৰু ভাতৃত্বৰ বাণী বিলোৱা ঈদৰ দিনটোৰ পৰাই অশান্তি আৰম্ভ হ’ল ধুবুৰীত। বিতৰ্ক গো-মাংসক লৈ। পৰিস্থিতি এই পৰ্যায় পালেগৈ যে ধুবুৰীক অশান্ত কৰিব খোজা লোকক দেখিলেই গুলীয়াওৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেনেকৈ কি হৈছিল?
ঘটনাৰ আৰম্ভণি হৈছিল ঈদৰ পিছদিনা অৰ্থাত ৮ জুনৰ পৰাই। কোনো দুষ্কৃতিকাৰীয়ে গোলকগঞ্জ,নালিয়া থানাৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰত গো-মাংস পেলাই থৈ গুছি গৈছিল। ইয়াকে লৈ জাঙুৰ খাই উঠিছিল স্থানীয় লোক। দল-সংগঠন। এয়া হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আবেগত আঘাত কৰা কাণ্ড। ধুবুৰীৰ ৩ নং ৱাৰ্ডৰ বজ্ৰংবলীৰ মন্দিৰতো ওলাইছিল গো-মাংস। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰিছিল ধুবুৰীৰ পৰিস্থিতি। সন্ধিয়াৰ পৰা ধুবুৰীত আৰ এছ এছকে আদি কৰি বিভিন্ন সংগঠনৰ উত্তাল প্ৰতিবাদ। দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিলে সকলোৱে।
৯ জুনৰ দিনাও উত্তাল প্ৰতিবাদ ধুবুৰীত
দুটা ফৈদৰ মাজত আৰম্ভ সংঘাত
নিষেধাজ্ঞাৰ পাছতো গো-মাংস বিক্ৰী কৰা দোকান-পোহাৰত চলিল বুলডোজাৰ। ভাঙি দিয়া হল হোটেল। ৯ জুনৰ দিনা ধুবুৰীৰ বজাৰত হুলস্থুলিয়া পৰিবেশ। বজাৰ বন্ধ কৰিবলৈ আগবাঢ়ি আহে বহু দল সংগঠন। বহু দোকানত চলে আক্ৰমণ। পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈও বাধ্য হয়। বহু যুৱক আহত হয় সংঘৰ্ষত। বন্ধ কৰি দিয়া হয় বজাৰ।
ধবুৰীত বলৱৎ কৰা হয় ১৬৩ বি এন এছ ধাৰা
৮ আৰু ৯ জুনৰ নিশালৈ ১৬৩ ধাৰা বলৱৎ থাকে যদিও ১০ জুনৰ বিয়লি ৫ বজাৰ পৰা বাতিল কৰা হয় ১৬৩ ধাৰা। মন্দিৰত গো মাংস ৰখাৰ অপৰাধত বালুৰচৰৰ পৰা ৰমজান আলীক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত 298, 299, 61(2)(a)BNS RW 13(1)cattle preservation act’ত ৰমজান আলীক গ্ৰেপ্তাৰ কৰা হয়। লগতে বিভিন্ন হিংসাত্মক ঘটনাৰ লগত জৰিত ৭ জনকৈ ব্যাক্তিকো আটক কৰে আৰক্ষীয়ে। কিন্তু ১০ জুনৰ নিশাৰ পৰাই ধুবুৰী চহৰৰ বিভিন্ন স্থানত আৰম্ভ হয় শিলাবৰ্ষণ। বিশেষকৈ নিশাৰ ভাগত আই জী ৰোড, কৰহাই পট্টী, গাৰ্ড কলনি, সুভাষ নগৰ,পল্লী মঙ্গল আদি অঞ্চলত বিভিন্ন লোকৰ ঘৰত আৰম্ভ হয় শিলাবৰ্ষণ। দুদিন ধৰি ৰাইজ নিজৰ ঘৰ দুৱাৰ এৰি বাটলৈ ওলাই আহি প্ৰতিবাদ কৰাত উপস্থিত হয় আৰক্ষীৰ দল। আৰক্ষী সোমালেই দুৰ্বৃত্তই ঘটনাস্থলী এৰি পলায়ন কৰে।
ইয়াৰ পাছতে ধুবুৰী আৰক্ষীৰ এটা বৃহৎ দলে ধুবুৰীৰ আই জী ৰোডত চলায় অভিযান। শিলাবৰ্ষণ অন্তৰালত কোন দুস্কৃতিকৰী আছে তাক লৈ মূৰৰ কামোৰণি উঠিল ধুবুৰী আৰক্ষীৰ। ইমানলৈ ধুবুৰীৰ ভিন্ন প্ৰান্তত চেপা উত্তেজনা। ক্ৰমাণ পৰিস্থিতি বেয়া হোৱাৰ আশংকাই দেখা দিলে।
অৱশেষত ১৩ জুনৰ দিনা মুখ্যমন্ত্ৰী ধুবুৰী লৈ অহাৰ কথা স্পষ্ট হোৱাত তৎপৰ হৈ উঠে ধুবুৰী আৰক্ষী। অভিযান চলাই ধুবুৰীৰ আই জী ৰোড, বেলুচৰ, নিউ মাৰ্কেট আদি অঞ্চলৰ পৰা ২২ জন লোকক আটক কৰে ধুবুৰী আৰক্ষীয়ে। এই অভিযানত উপস্থিত থাকে ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথ আৰু আৰক্ষী অধীক্ষক নবীন সিং। ইমানতো ধুবুৰী ঠাণ্ডা নহল। ১৩ জুনত, অৰ্থাত শুকুৰবাৰে ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা আৰু নিৰ্দেশ। ধুবুৰীক কোনো কাৰণত অশান্ত হবলৈ দিয়া নহব। অহাবৰ ঈদ-উজ-জোহাৰ সময়ত মই ধুবুৰীতেই থাকিম বুলি কৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰীত পৰিস্থিতি বেয়া কৰিবলৈ খোজাসকলক শ্বুট এট ছাইটৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেপিড এক্সন গ্ৰুপ, CRPF দিয়া হব ধুবুৰীত। ঘোষণা মুখ্যমন্ত্ৰীৰ। এতিয়া ৩৮জনক আটক কৰা হৈছে। বদলি কৰা হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষকক। মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা মই শান্তি কমিটী বিশ্বাস নকৰোঁ।
এতিয়া ক্ৰমাত শান্ত, ঠাণ্ডা হৈছে ধুবুৰী। কিন্তু ৰাইজে বিচাৰিছে ইয়াৰ স্থায়ী সমাধান। কিয় বাৰেবাৰে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিবলৈ খোজা অপশক্তিয়ে গা কৰি উঠে ধুবুৰীত। কিয় সেই দুষ্কৃতিকাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়। এনে স্পৰ্শকাতৰ বিষয়বোৰক লৈও হয় নেকি ৰাজনীতি। আৰক্ষীয়ে আটক কৰিছে ৩০ৰো অধিক লোকক। তেওঁলোকে শাস্তি পাবনে। পালেও কেনেকুৱা শাস্তি পাব। এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে।