সুখবৰ! নৈৰ পাৰলৈ আহিলেই পাব হাস্পতাল…

  • উত্তৰ পাৰৰ নৈপৰীয়া ৰাইজলৈ সুখবৰ
  • বিহপুৰীয়া, বিহালী, গহপুৰৰ ৰাইজলৈ বিশেষ উপহাৰ
  • এখন নাৱে আনিছে আশাৰ বতৰা

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰাইজৰ বাবে এখন ভ্রাম্যমান চিকিৎসালয়ে কঢ়িয়াই আনিছে সুখবৰ। এতিয়াৰ পৰা আৰু বেমাৰ-আজাৰ হ’লে প্রত্যন্ত অঞ্চলৰ পৰা বহুদূৰ বাটকুৰি বাই যাব নালাগে চহৰৰ চিকিৎসালয়লৈ। নৈৰ পাৰলৈ আহিলেই পাব হাস্পতাল। এখন ভ্রাম্যমান নৌকা চিকিৎসালয়ে নৈপৰীয়া ৰাইজক দিব চিকিৎসা সেৱাৰ প্ৰায়বােৰ সুবিধা। গহপুৰৰ মেইলবজাৰ ঘাটত সােমবাৰে মুকলি কৰা হয় এখন ভ্রাম্যমান নৌকা চিকিৎসালয়।

কৰুণা ট্রাষ্ট বৰঙাবাৰী শাখাৰ উদ্যোগত বিহালী, গহপুৰ আৰু বিহপুৰীয়া সমষ্টিৰ নৈ ৯২ খন গাঁৱৰ নৈপৰীয়া ৰাইজৰ চিকিৎসা সেৱা সূচল কৰাৰ অৰ্থে উদ্ধোধন কৰা বিবেকান্দ নৌকা চিকিৎসালয়খনত থাকিব সকলাে ধৰণৰ সা-সুবিধা। দুখন বিচনাযুক্ত নৌকা চিকিৎসালয়খনত আছে প্রসুতি কক্ষ, জৰুৰীকালীন সেৱা কক্ষ, সাধাৰণ অস্ত্ৰোপ্ৰচাৰ কক্ষৰ লগতে ঔষধালয়, লেবেৰ’টৰী আদি।

দুজনকৈ অভিজ্ঞতা সম্পন্ন চিকিৎসক, নার্চ, স্বাস্থ্যকর্মী, ফার্মাচিষ্ট আৰু লেবেৰ’টৰী টেকনিচিয়ানে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব ভ্রাম্যমান নৌকা চিকিৎসালয়খনত। বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই নৌকা চিকিৎসালয়খনৰ সােমবাৰে শুভ উদ্বোধন কৰাৰ পিচতে নৈপৰীয়া প্রত্যন্ত অঞ্চলৰ ৰাইজৰ মুখত হাঁহি বিৰিঙিছে।

গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ ৰিপৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...