বজালী জিলাত আৰম্ভ হৈছে শ্বেত বিপ্লৱ

সীতাজখলাৰ পিছত বজালীত দুগ্ধ বিপ্লৱ
বজালীৰ গাখীৰ ক্ৰয় কৰিছে পূৰবী আৰু আমুলে
১০-১৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে আমুলে

গুৱাহাটী, ২২ জুন, NKTV: সীতাজখলাৰ পিচত এইবাৰ নামনি অসমৰ বজালী জিলাত আৰম্ভ হৈছে শ্বেত বিপ্লৱ। বজালীত উৎপাদিত গাখীৰে চাহিদা পূৰণ কৰিছে আগশাৰীৰ দুগ্ধজাত সামগ্ৰীৰ প্ৰতিষ্ঠান পূৰবী আৰু আমুলৰ লাখ লাখ গ্ৰাহকৰ। প্ৰায় ২ লাখ গৰুৰে সমৃদ্ধ বজালীৰ দুগ্ধপালক সকলে সম্ভাৱনাৰ বতৰা কঢ়িয়াই আনিছে। বজালীত দৈনিক উৎপাদন হয় ৭৫-৮০ হাজাৰ লিটাৰ গাখীৰ। ৬ হাজাৰৰো অধিক গো পালকে উৎপাদন কৰে গাখীৰ। বজালী জিলাৰ চুকে কোণে থকা গো-পালক সকলৰ উদ্যমিতাৰ বাবে ৰাজ্য চৰকাৰে জিলাখনত গ্ৰহণ কৰিছে ৪.৬৮ কোটি টকীয়া প্ৰকল্প।

জিলাখনত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা গাখীৰ কেৱল বজালী বা বৰপেটা জিলাতে সীমাবদ্ধ থকা নাই। ইয়াৰ গাখীৰ ক্ৰয় কৰিছে পূৰৱী আৰু আমুলৰ দৰে জনপ্ৰিয় ব্ৰেণ্ডে। দৈনিক ২৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে পূৰবীয়ে। ১০-১৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে আমুলে।

বজালীত থকা সৰু বৰ প্ৰায় ৩০ খন সমবায় সমিতিয়ে অৰিহণা যোগাই আহিছে এই শ্বেত বিপ্লৱত। বজালীৰ নিত্যানন্দৰ কামধেনু আৰু কাবেৰী দুগ্ধ উন্নয়ন সমিতিৰ লগতে মৰিপুৰ,নিত্যানন্দ আৰু কুমাৰ পাৰাত স্থাপন কৰা হৈছে ৩টা কৈ গাখীৰ শীতলীকৰণ শাখা। কেৱল গাখীৰেই নহয় অঞ্চলটোত গাখীৰৰ পৰা প্ৰস্তুত কৰা বহু সামগ্ৰীয়েও বিশেষ চাহিদা লাভ কৰিছে বজাৰত।

গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বজালীৰ গো পালক তথা দুগ্ধ উন্নয় সমতি সমূহে লোৱা নেতৃত্বই অঞ্চলটোৰ লগতে নামনি অসমৰ অৰ্থনীতিত অনাগত দিনত যে বিশেষ ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চিত। বজালীত চৰকাৰে গ্ৰহণ কৰা কোটি টকীয়া দুগ্ধ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে জিলাখনত দুগ্ধ বিপ্লৱে অন্য এক দিশে গতি কৰাটো নিশ্চিত।

পাঠশালাৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট, এন কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...