কামাখ্যালৈ আহিছে ‘চাইকেল বাবা’

গুৱাহাটী, ২২ জুন, NKTV: আজিৰ পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি। বিয়লি ২বাজি ৬ মিনিট ৭ ছেকেণ্ডৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হৈছে যদিও এইবাৰ কামাখ্যাত অনুষ্ঠিত নহয় অম্বুবাচী মেলা। কিন্তু মা কামাখ্যাৰ দৰ্শনৰ বাবে পশ্চিমবংগৰ পৰা ১১৪৬ কিলোমিটাৰ অতিক্ৰম কৰি কামাখ্যাত উপস্থিত হ’ল এজন চাইকেল বাবা।

কামাখ্যালৈ আহিছে চাইকেল বাবা
১১৪৬ কিলোমিটাৰ অতিক্ৰম কৰি আহিছে বাবা
পত্নীক লগত লৈ চাইকেলেৰে আহিল কামাখ্যালৈ
চাইকেল বাবাৰ আচল নাম অভয় পাগল গিৰি
চাইকেল বাবাৰ কামাখ্যালৈ তীৰ্থ যাত্ৰা কিয়?

কামাখ্যাত পাগল গিৰিৰ ভগৱান বন্দনা। অভয় পাগল গিৰিয়ে লগত আনিছে গীতা পাগলক। আজিৰ পৰা অম্বুবাচী আৰম্ভ হৈছে যদিও ভক্তৰ সমাগম বন্ধ কৰা হৈছে। কিন্তু মা কামাখ্যাৰ দৰ্শন বিচাৰি গুৱাহাটী পালেহি চাইকেল বাবা। পশ্চিমবংগৰ নাদিয়া জিলাৰ কৃষ্ণগৰৰ পৰা চাইকেল লৈ চাইকেল বাবাৰ কামাখ্যালৈ তীৰ্থ যাত্ৰা। লগত আছে পত্নী গীতা পাগল গিৰি সাধু।

চাইকেলখনকে সাৰথি কৰি ১৪ দিন ধৰি পশ্চিমবংগৰ পৰা যাত্ৰা কৰি গুৱাহাটীত উপস্থিত হোৱা উভয় পাগল গিৰিয়ে বাহৰ পাতিছেহি কামাখ্যা পাহাৰৰ তলত। কাৰণ কৰ’ণাৰ বাবে এইবাৰ প্ৰৱেশ বন্ধ আছে কামাখ্যা মন্দিৰ চৌহদত। মাৰ আশীৰ্বাদ বিচাৰি চাইকেলেৰে অসমলৈ অহা চাইকেল বাবাই ভূতনাথত আশ্ৰয় লৈ অপেক্ষা কৰিছে মা কামাখ্যা দৰ্শনৰ বাবে। ১১৪৬ কিলোমিটাৰ অতিক্ৰম কৰি পত্নীসহ কামাখ্যালৈ অহা চাইকেল বাবাৰ মনৰ আশা পূৰণ হ’ব নে নাই সেয়া এতিয়াও ক’ব পৰা নাযাব। উল্লেখ্য যে, অহা ২৫ জুনৰ নিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি ঘটিব। কিন্তু এইবাৰো নহয় অম্বুবাচী মেলা।

মালিগাঁৱৰ পৰা বিশ্বজিৎ সুত্ৰধৰৰ ৰিপৰ্ট, এন কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...