BIEOৰ জালত বেংক জালিয়াতিৰ মূল অপৰাধী

গুৱাহাটী, ২২ জুন, NKTV: পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাত ঋণ দিয়াৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী। বেংক বিষয়াই নথি-পত্ৰ পৰীক্ষা নকৰাকৈয়ে এজন লোকক ঋণ প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত ২০১৯ চনতেই Bureau Of Investigation Economic Offences (BIEO)ত বেংক জালিয়াতিৰ সন্দৰ্ভত দাখিল কৰা হৈছিল এটা গোচৰ। পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ পৰা ঋণ গ্ৰহণ কৰা লোকজনৰ নাম ধ্ৰুৱজ্যোতি তালুকদাৰ। বেংকটোৰ ঋণ বিষয়া বিকাশ চন্দ্ৰ আৰু শাখা প্ৰৱন্ধক নলীন কুমাৰ হাজৰিকাই কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈয়ে ধ্ৰুৱজ্যোতি তালুকদাৰক ঋণ মোকলাই দিছিল। ঋণৰ ধনসমূহ কুন্তল হাজৰিকাৰ নামত থকা এটা একাউণ্টত জমা হৈছিল। ইয়াৰ পিছতেই ২০১৯ চনৰ ২৮ অক্টোবৰ তাৰিখে BIEOত বেংক প্ৰৱন্ধক নিতাই চন্দ্ৰ দাসে এজাহাৰ দাখিল কৰিছিল। সম্প্ৰতি BIEOৰ জালত এই কেলেংকাৰীৰ লগত জড়িত বেংক বিষয়া আৰু মূল অভিযুক্ত ধ্ৰুৱজ্যোতি তালুকদাৰ ওৰফে কুন্তল হাজৰিকা। অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা (Bureau Of Investigation Economic Offences) সংবাদমেলৰ আয়োজন কৰি সদৰি কৰিলে এই কথা। সংবাদমেল সম্বোধন কৰে আৰক্ষী অধীক্ষক মনমোহন বড়োৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...